♦ আকাশীগংগাৰ তীৰত সহস্ৰাধিক লোকৰ তৃপ্তিৰে এসাজ

বটদ্ৰৱাঃ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানত মঙলবাৰে ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত লোকে লোকাৰণ্য হৈ পৰে ৷ পুৱাৰেপৰা ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰপৰা বটদ্ৰৱালৈ আগমন ঘটে ভক্তপ্ৰাণ ৰাইজৰ৷
আগন্তোক নৱবৰ্ষটো সুখ-শান্তি-সমৃদ্ধি কামনাৰে সকলোৱে গুৰুজনাৰ শ্ৰীচৰণত এগচি বন্তি, শৰাই-নৈবেদ্য আগবঢ়ায় সেৱা জনায়৷ দুপৰীয়া বিশেষ নাম কীৰ্ত্তনত ঐতিহ্যমণ্ডিত কীৰ্ত্তনঘৰৰ ভিতৰে বাহিৰে হাজাৰ হাজাৰ লোকে নাম-প্ৰসংগত ভাগ হৈ হৰি নাম কীৰ্ত্তনত মগ্ন হোৱা পৰিলক্ষিত হয়৷
ইপিনে পূৰ্বৰ দৰে বহু সংখ্যক লোকে পৱিত্ৰ আকাশীগংগাৰ তীৰত নৱবৰ্ষৰ পহিলা দিনটোত এসাজ লগে ভাগে খোৱাৰ উদ্দেশ্যৰে সমবেত হয় ৷ বেছিভাগেই আকাশীগংগাৰ চৌদিশে ৰন্ধা-বঢ়া কৰি আনন্দ ফুৰ্টিৰে ভোজভাত খোৱাৰ বিপৰীতে একাংশই আকৌ ঘৰৰে পৰা খাদ্য সামগ্ৰী লগত লৈ আনি সেই ঠাইতে লগে ভাগে আনন্দৰে খোৱা পৰিৱেশ অতি দৃষ্টিনন্দন আছিল ৷
নৱবৰ্ষৰ প্ৰথম দিনটোত বটদ্ৰৱা থানলৈ আগমন ঘটা যাত্ৰীসকলক আদৰণি জনাই সমগ্ৰ অসমবাসীলৈ বছৰটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে শুভেচ্ছা তথা শুভকামনা জ্ঞাপণ কৰিছে শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই৷
আগন্তোক বৰ্ষটোত বটদ্ৰৱা থান দৰ্শনৰ বাবে অহা যাত্ৰীসকলৰ বাবে সকলো প্ৰকাৰৰ সা-সুবিধা প্ৰদান কৰাৰ লগতে গুৰুজনাৰ জন্মস্থানখনিৰ সৰ্বাংগীন উন্নয়ন তৰান্বিত কৰিবলৈ সকলোৰে সহায়-সহযোগিতা তথা সু-দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছে নৱনিৰ্বাচিত সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই৷