শুক্লাইঃ আটাৰীখাট আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আজি আটাৰীখাট বজাৰখোলাত অবৈধ মদ বিক্ৰী, মানৱ সৰবৰাহ সম্পৰ্কত এক সজাগতা সভা অনুষ্ঠিত হয়। 

আটাৰীখাট অঞ্চলৰ লাট গাঁওবুঢ়া শনিৰাম বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত উপস্থিত থাকি ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্হাৰ সম্পাদক ৰবিৰাম বাস্কেই আটাৰীখাট অঞ্চলত অবৈধ ভাবে চুলাই মদ বিক্ৰীত গভীৰ উদ্ধেগ প্ৰকাশ কৰাৰ লগতে পৰৱৰ্তী দিনত যদি প্ৰশাসনে চুলাই মদৰ ব্যৱসায় বন্ধ নকৰে তেন্তে অনিদ্দিষ্টকালীন আটাৰীখাট বজাৰ বন্ধ কৰাৰ সকিয়ণী দিয়ে। 

তেওঁ লগতে চাহ বাগিচা অঞ্চলত অবাধ গতিত বৃদ্ধি পোৱাৰ শিশু সৰবৰাহ, নাৰী সৰবৰাহ সম্পৰ্কতো দু-আষাৰ কৈ অভিভাৱক সকলক সচেতন হ’বলৈ আহ্বান জনোৱাৰ লগতে চাহ বাগিচা অঞ্চলত অচিনাকি লোক দেখা পালে সেই ব্যক্তিক ধৰি প্ৰশাসনক গতাই দিবলৈ আহ্বান জনায়। 

সজাগতা সভাত আটাৰীখাট আঞ্চলিক সমিতি, আছাৰ সভাপতি বিজয় মাঋি, সম্পাদক বাবুল পাইক, চাহ মজদুৰ সংঘৰ সভাপতি ইছমাইল হিয়াল, আটাৰীখাত ভিচিডিচিডিৰ অধ্যক্ষা বহাগী ভুমিজ, সাংবাদিক পৱন নাথ আদি উপস্থিত থাকে। আনহাতে সজাগত সভাত সাতটা গ্ৰহণ কৰা হয়।