
newsnextone.com | গুৱাহাটীঃ ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাত চাকৰিৰ বজাৰ বহা বুলি সময়ে সময়ে newsnextone.comক একাংশ লোকে অভিযোগ দি আহিছিল৷ বিশেষকৈ বিচিপিএলত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন কৰে লোকসকলে৷ তাৰ পিছতে newsnextone.comৰ সাংবাদিকে শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত চলোৱা অভিযানত পোহৰলৈ অহা তথ্য মতে লোকসকলৰ অভিযোগ প্ৰায় সত্য বুলি প্ৰমাণিত হয়৷ কিন্তু আৰক্ষী আৰু প্ৰশাসনে তদন্ত কৰিলেহে প্ৰকৃত সত্য উৎসাঘন হ’ব বুলি ভাবে newsnextone.com-এ৷
ব্ৰহ্মপুত্ৰ গেছ ক্ৰেকাৰ আৰু পলিমাৰ কোম্পানী চমুকৈ BCPLত চাকৰি দিয়াৰ নামত চলোৱা এখন বজাৰৰ কথা newsnextone.com-এ পোহৰলৈ আনিবলৈ সক্ষম হয়৷ বহু লোকৰ অভিযোগৰ ভিত্তিত চলোৱা অভিযানত নয়ন গগৈ নামৰ লোক এজন ধৰা পৰে৷ নয়ন গগৈয়ে এমাহৰ ভিতৰতে চাকৰি দিব পাৰিব বুলি দাবী কৰে৷ চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে প্ৰথমে ৮-১০ হাজাৰ টকা আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ দৰকাৰ বুলি কয়৷
প্ৰথমে চাকৰিৰ বাবে ৮-১০ হাজাৰ টকা আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ দি কিছু দিন ৰখিব বুলি কৈ চাকৰি হোৱাৰ পিছতে বাকী তিনিলাখ টকা দিব লাগিব বুলি কয়৷ এনেদৰে নয়ন গগৈ সহ এটি চক্ৰই জিলা দুখনৰ বহু লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছে৷ শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰ গেছ ক্ৰেকাৰ আৰু পলিমাৰ কোম্পানী চমুকৈ BCPLত চাকৰি দিয়াৰ নামত একাংশ লোকে টকা সংগ্ৰহ কৰি আহিছে যদিও আজিলৈ কোনো লোকে হলে চাকৰি লাভ কৰা নাই৷
শিক্ষাগত অৰ্হতাৰ তথ্য পাতিৰ সতে ৮-১০ টকা দি বহু যুৱকে চাকৰিৰ আশাত ৰৈ থাকোতেই দিন পাৰ হৈ যোৱাত চাকৰিৰ আশা এৰি একাংশ লোকে বহিঃৰাজ্যত কোম্পানীত কাম কৰিবলৈ যায়৷
নিবনুৱা সমস্যা বৃদ্ধি পােৱাত এতিয়া যেনে তেনে এটি চাকৰিৰ প্ৰয়োজন ৰাজ্যৰ যুৱক-যুৱতীক৷ দেশৰ বিভিন্ন প্ৰান্তত ইয়াৰে সুযোগ লৈ একাংশ দালালে চাকৰি দিয়াৰ নামত যুৱকসকলৰ পৰা সংগ্ৰহ কৰি আহিছে বৃহৎ ধন। চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰিবলৈ সক্ষম নোহোৱাৰ ফলতেই বক্ৰ পথেৰে হলেও একাংশ শিক্ষিত যুৱক-যুৱতীয়ে চাকৰি লব বিচাৰে৷
ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এন পলিমাৰ লিমিটেড চমুকৈ BCPLত চাকৰি দিয়াৰ নামত বহু লোকৰ পৰা ধন সংগ্ৰহ কৰা বিষয়টো বহু লোকে অৱগত যদিও কোনেও মূখ খুলিবলৈ সাহস নকৰে৷ বিচিপিএলৰ বিষয়াক টকা দিলে চাকৰি দিয়ে বুলি প্ৰলোভন দি নিজকে ডিব্ৰুগড়ৰ জ্যোতি নগৰৰ বাসিন্দা বুলি কৈছিল টকা সংগ্ৰহ কৰা লোকজনে৷ ৯১০১৫০৯১০৬, ৯৪৩৬৬৭৪৪০৮ যোগাযোগ কৰিব দি এফালৰ পৰা সংগ্ৰহ কৰি গৈছিল ধন৷ নিজকে আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ সভাপতি আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী বুলি পৰিচয় দি ধন সংগ্ৰহ কৰে৷