newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান বেবেজীয়া নৱ প্ৰজন্ম যুৱ মঞ্চৰ উদ্যোগত প্ৰথম বাৰ্ষিক ব’হাগী বিদায় উৎসৱ দেওবাৰে বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়৷ 

পুৱা ৯ বজাত সমাজকৰ্মী নোমল চন্দ্ৰ বৰাই বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ পাতনি মেলাৰ পিছতে বিহু পতাকা উত্তোলন কৰে সৰবৰহী ব্যক্তি তৰুণ সেন ডেকাই৷ ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ 

সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত কৰা হয় বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠান৷ শিক্ষক ব্ৰজেন নাথে আঁত ধৰা অনুষ্ঠানত প্ৰবীন শিল্পী গম্ভীৰ নাথ, বেবেজীয়া প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰাঞ্জল বৰদলৈ, জাজৰি প্ৰেছ ক্লাৱৰ সভাপতি জয়ন্ত মুদৈ, অসম প্ৰবাহ কাকতৰ কাৰ্যবাহী সম্পাদক মৃগেন কুমাৰ নাথ, সমাজকৰ্মী অপূৰ্ব কটকী, সন্তোষ নাথ, অভিজিৎ মেধীকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে৷ 

নিশা ৯ বজাৰ পৰা আৰম্ভ হোৱা আধুনিক নৃত্য আৰু বিহু একক নৃত্য প্ৰতিযোগিতা লগতে সাংস্কৃতিক অনুষ্ঠান আনুষ্ঠানিকভাবে মুকলি কৰে বিশিষ্ট অভিনেতা গুণ মহন্ত আৰু শিল্পী ৰাতুল হাজৰিকাই৷ 

সাংস্কৃতিক অনুষ্ঠানত মহিলাৰ দ্বাৰা জেং বিহু আৰু বিহু নৃত্য প্ৰদৰ্শন কৰাৰ লগতে জনপ্ৰিয় কণ্ঠ শিল্পী পদুম বৰা, কৃৰ্তী কৃষ্টি বৰাৰ লগতে কেইবাগৰাকী স্থানীয় শিল্পীয়ে গীত-মাত পৰিবেশন কৰে৷ ব’হাগী বিদায় উৎসৱ সফল কৰি তোলাৰ বাবে উদ্যোক্তা সমিতিৰ সভাপতি অৰুণ চন্দ্ৰ বৰা, সাধাৰণ সম্পাদক ৰঞ্জন জ্যোতি বৰা আৰু পাৰ্থ জ্যোতি বৰাই ৰাইজক কৃতজ্ঞতা যাচে আৰু সমাজক বাবে এই অনুষ্ঠানে সমন্বয় আৰু একতাৰ বাৰ্তা দি থৈ গ’ল বুলি কয়৷