
আমগুৰিঃ ছচিয়েল মিডিয়াক একাংশ লোকে সৎ কামত ব্যৱহাৰ কৰাৰ বিপৰীতে একাংশ লোকে প্ৰায়ে অসৎ কামত ব্যৱহাৰ কৰি অহা পৰিলক্ষিত হৈছে৷
তাৰ মাজতে শিৱসাগৰ জিলাৰ আমগুৰিত বিবাহিত মহিলাৰ ফটো ফেচবুকত আপলোড কৰি ৰঙা ঘৰৰ আলহী হ’ল এজন যুৱক৷ ছচিয়েল মিডিয়াক একাংশ লোকে অপব্যৱহাৰ কৰাৰ প্ৰৱনতা বৃদ্ধি পাই অহাৰ সময়তে শিৱসাগৰৰ আমগুৰিত কিছু দিনৰ ভিতৰতে কেবাটাও অপৰাধজনিত ঘটনা সংঘটিত হৈছে৷
আমগুৰি নগৰৰ এগৰাকী বিবাহিত মহিলাৰ ফটো দুদিন পুৰ্বে আপলোড কৰিছিল গোলাঘাট জিলাৰ নুমলীগড়ৰ এজন যুৱকে৷ গোলাঘাট জিলাৰ পাপু বৰা নামৰ যুৱকজনে ফটোখন আপলোড কৰি আপত্তীজনক মন্তব্য কৰিবলৈ ধৰে৷
এই কথা মহিলাগৰাকীয়ে অৱগত হোৱাত স্বামীক অৱগত কৰে৷ স্বামীয়ে ততাতৈয়াকৈ আমগুৰি আৰক্ষীক সমস্ত ঘটনা বিৱৰি এজাহাৰ দাখিল কৰে৷ অৱশেষত স্থানীয় আৰক্ষীয়ে যুৱক জনক আটক কৰিবলৈ অভিযান চলাই৷ দিনজোৰা অভিযানৰ অন্তত নুমলীগড়ত গ্ৰেপ্তাৰ কৰে পাপু বৰা নামৰ যুৱকজনক৷