03
Sep
2017

নগাঁওঃ বিশ্বজুৰি চলা পবিত্ৰ ঈদৰ মাজতে নগাঁৱৰ হাতীচোঙত গো-মাংস উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে৷ বেবেজীয়া-জাজৰি সংযোগী গড়কাপ্তানী পথৰ হাতীচোঙৰ কুজিদাঁহস্থিত হাতীচোং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমীপত উদ্ধাৰ মাংসখিনি৷
পলিথিনৰ পেকেটত অনা মাংসৰ টোপোলা তিনিটাকৈ স্থানত উদ্ধাৰ কৰে স্থানীয় ৰাইজে৷ কোনো লোকে লৈ অনা মাংসখিনি অসাৱধানভাৱে পথত পৰি যোৱাৰ সন্দেহ ৰাইজে ব্যক্ত কৰাৰ বিপৰীতে একাংশই এয়া কোনো দুস্কৃতিকাৰীয়ে শান্তি-সম্প্ৰীতি বিঘ্নিত কৰাৰ ষড়যন্ত্ৰ বুলি সন্দেহ প্ৰকাশ কৰিছে ৷
ঘটনাৰ খবৰ পাই স্থানীয় জাজৰি থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মাংসখিনি গাত খান্দি পুতি পেলাই৷