
বিহালীঃ অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক বুধবাৰে ৰাজ্যবাসীয়ে স্মৰণ কৰে৷ ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত জন্ম গ্ৰহণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্মৰাজীক শ্ৰদ্ধা যাচ অসমৰ দল-সংগঠনে৷
গীতিকাৰ, নাট্যকাৰ, লেখক আৰু অসমৰ প্ৰথমগৰাকী বোলছবি নিৰ্মাতা আগৰৱালাই ১৯৫১ চনৰ ১৭ জানুৱাৰীত মৃত্যুক আকোৱালি লৈছিল৷ ১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ নিৰ্মাণ কৰি ইতিহাস ৰচনা কৰাৰ লগতে অসমীয়া ছবিজগতৰ সোণালী অধ্যায় আৰম্ভ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বুধবাৰে ৬৭ সংখ্যক মৃত্যুবাৰ্ষিকী৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰগাং শাখা সাহিত্য সভাই বৰগাঙৰ শুকানসূতি প্ৰজাবস্তি প্ৰাথমিক বিদ্যালয়ৰ সহযোগত শিল্পী দিৱস পালন কৰে। প্ৰজাবস্তি প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত শিল্পী দিৱসত বৰগাং শাখা সাহিত্য সভাৰ সভাপতি থানুৰাম শৰ্মাই পতাকা উত্তোলন কৰে। স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক চবীন চন্দ্ৰ লেখাৰুৱে।
থানুৰাম শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ডিম্বেশ্বৰ গোস্বামী, বৈশাকু ৰয়, অৰ্পনা শইকীয়া দাস, থানেশ্বৰী গজ্ঞু কুৰ্মী, সাংবাদিক প্ৰনীতা ৰায় ভুঞা, প্ৰধান শিক্ষয়িত্রী বিজয়া ফুকন উপস্থিত থাকে। সভাত চুমী কাইতা, দিয়া পাল, পুৰ্নিমা খদাল, চিমৰন বিস্বাস, আশা ঠাকুৰকে ধৰি কেইবা গৰাকী ছাত্র-ছাত্রীয়ে গীত পৰিবেশন কৰে৷ কাকুমনি বৰাই কবিতা আবৃত্তি কৰে। ছাত্র-ছাত্রী সকলে সমুহীয়া ভংগীমা প্ৰদৰ্শন কৰি দৰ্শকক আপ্লুত কৰে। চিত্রাংকন আৰু কবিতা আবৃতি প্ৰতিযোগীতা অনুষ্ঠিত হয় ছাত্ৰ-ছাত্ৰীৰ মাজত৷