
গুৱাহাটীঃ ছচিয়েল মিডিয়াত ম্যানমাৰৰ ৰোহিংগীয়া মুছলমানৰ হৈ আপডেট দিয়াৰ বাবে বিজেপিয়ে এগৰাকী সংখ্যালঘু নেত্ৰীক দলৰ পৰা নিলম্বন কৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যৰ সংখ্যালঘু অঞ্চলত৷ যোৱা ১৪ চেপ্তেম্বৰত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য তথা বিজেপিৰ অন্যতম সংখ্যালঘু নেত্ৰী বেনজিৰ আৰফানক দলৰ পৰা বহিস্কাৰ কৰে বিজেপিয়ে৷
ৰাজ্যিক বিজেপিৰ সাধাৰন সম্পাদক দিলীপ শইকীয়াই নেত্ৰীগৰাকীক নিলম্বন সন্দৰ্ভত অৱগত কৰাৰ লগতে কৰাণ দৰ্শোৱাৰ জাননী জাৰি কৰে৷ গুৱাহাটী মহানগৰীৰ United Minority Peoples Forum নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে আয়োজন কৰা এটি অনুষ্ঠানৰ হৈ ফেচবুকত পোষ্ট দিছিল বেনজিৰে।
স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ম্যানমাৰৰ ৰোহিংগীয়া মুছলমানৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে এটি প্ৰাৰ্থনা সভা তথা প্ৰতিবাদৰ আয়োজন কৰা বুলি আপডেট দি কাৰ্যসুচীটো সফল কৰি তুলিবলৈ সকলোকে আহ্বান জনাইছিল সংখ্যালঘু নেত্ৰীগৰাকীয়ে৷ দলৰ মজিয়াত কোনো আলোচনা নকৰাকৈ ম্যানমাৰ সন্দৰ্ভত অন্য এটা সংগঠনৰ নেতৃত্বত অনুষ্ঠিত কাৰ্যসুচী সন্দৰ্ভত দলীয় ছচিয়েল মিডিয়া গ্ৰুপত পোষ্ট দি সফল কৰাৰ আহ্বান জনোৱা কাৰ্যক দলৰ পৰীপন্থী আখ্যা দি বিজেপিয়ে সকলো পদৰ পৰা নেত্ৰীগৰাকীক অব্যাহতি দি নিলম্বন কৰা বুলি কয়৷
আনহাতে বিজেপিয়ে কাৰণ দৰ্শোৱাৰো জাননীও জাৰি কৰে৷ যোৱা ১৬ চেপ্তেম্বৰত স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে গুৱাহাটী মহানগৰীত প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰিছিল ম্যানমাৰৰ লোকসকলৰ বাবে৷ বিজেপি দল-তথা চৰকাৰে ৰোহিংগীয়া মুছলমানক কোনো কাৰণতে শৰনাৰ্থী হিচাপে দুৰৰ কথা অসম তথা ভাৰতত সোমাব নিদিয়াৰ স্থিতিত বাহাল থকাৰ সময়তে দলৰ সংখ্যালঘু নেত্ৰীগৰাকীৰ এনে ফেচবুক পোষ্টে দলটোক বিতৰ্কৰ মাজলৈ টানি নিয়াৰ পুৰ্বে আৰফানক নিলম্বনৰ সিদ্ধান্ত লয় দলটোৱে৷
নেত্ৰী আৰফানক নিলম্বনৰ পিছতে ৰাজ্যৰ সংখ্যালঘু বসতি প্ৰধান এলেকাত প্ৰতিক্ৰিয়াৰো সৃষ্টি হয়৷ একাংশ লোকে বিজেপিৰ মঞ্চত সংখ্যালঘু নেতাৰ গুৰুত্ব কম বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ বিজেপিয়ে যোৱা বিধানসভা নিৰ্বাচনত সংখ্যালঘু লোকক টিকট দিয়া নাছিল বুলি কৈ মন্ত্ৰীসভাত একমাত্ৰ সংখ্যালঘু বিধায়কগৰাকীয়ে মন্ত্ৰীত্ব নোপোৱা বুলি কৈ পঞ্চায়ত নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব বুলি কয় একাংশ লোকে৷ আনহাতে নাম প্ৰকাশত অনিচ্ছুক ৰাজ্যৰ ৰাজনীতিৰ খবৰ ৰখা একাংশ সংখ্যালঘু লোকে যুৱ প্ৰজন্মক জাতীয়তাবাদ নতুবা আঞ্চলিকতাবাদক আকোৱালি লবলৈ আহ্বান জনায় সংখ্যালঘু যুৱক-যুৱতীক৷
পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে অকলে নিৰ্বাচনত নামি পৰাৰ লক্ষ্যৰে ইতিমধ্যে সংখ্যালঘু এলেকাত সোমাই ব্যাপক প্ৰচাৰ কৰাৰ সময়তে সংখ্যালঘু নেত্ৰীগৰাকীৰ নিলম্বনে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰোহিংগীয়া মুছলমানৰ ওপৰত ম্যানমাৰ চৰকাৰে বাৰ্মিজ সেনাৰ হতুৱাই বৰ্বৰ আক্ৰমণ কৰাৰ লগতে দেশ এৰিবলৈ বাধ্য কৰোৱাত সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ আনহাতে ভাৰত তথা অসমতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷
ৰোহিংগীয়া বিতাড়নৰ নামত বাৰ্মিজ সেনা আৰু বৌদ্ধ সন্ত্ৰাসবাদীৰ চৰম বৰ্বৰতা আখ্যা দি একাংশ লোকে ছচিয়েল মিডিয়া যোগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে৷ আনকি অসম বিধানসভাৰ মজিয়াত কংগ্ৰেছৰ বিধায়ক আব্দুল খালেকে এই বিষয়ত আলোচনা কৰাৰ লগতে ৰোহিংগীয়া শৰনাৰ্থীক মানৱতাৰ খাতিৰত আশ্ৰয় দিয়াৰ দাবী জনাইছিল৷ কিন্তু অসম বিধানসভাৰ অধ্যক্ষই অসমৰ বিষয় নহয় বাবে আলোচনা কৰাৰ অনুমতি দিয়া নাছিল৷