
কোকৰাঝাৰঃ সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেছন আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কোকৰাঝাৰ জিলা সমিতিয়ে সোমবাৰে যৌথভাৱে কোকৰাঝাৰত আঢ়ৈ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
কোকৰাঝাৰ জিলা উপায়ুক্তৰ সমীপৰ শিশু উদ্যানত পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত কেইবাশতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ প্ৰকৃত ভাৰতীয় হিন্দু বাঙালী সকলক বিদেশীৰ নামত হাৰাশাস্তি বন্ধ কৰা, ডিটেনশন কেম্পত আৱদ্ধ হৈ থকা বৈধ বাঙালীসকলক অতিশীঘ্ৰে মুক্তি দিয়া, শীঘ্ৰে নিখুঁতভাৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰা আৰু ডি ভোটাৰৰ নামত সন্ত্ৰাস বন্ধ কৰাৰ দাবীকে ধৰি আন কেইবাটাও দাবীৰ সমৰ্থনত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷
প্ৰতিবাদকাৰী সকলে হিন্দু বাঙালী সকলক লৈ ৰাজনীতি বন্ধ কৰক, অসম চৰকাৰ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, ডি-ভোটাৰৰ নামত সন্ত্ৰাস বন্ধ কৰক, হিন্দু বাঙালী সকলৰ নাগৰিকত্ব সুনিশ্চিত কৰক আদি বিভিন্ন শ্ল’গান দি আকাশ বতাহ কঁপাই তোলে৷ আনহাতে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সদৌ বিটিচি বেংগলী যুৱ-ছাত্ৰ ফেডাৰেছনৰ উপদেষ্টা শ্যামল সৰকাৰ আৰু সভাপতি মন্টু দে'ই অংশগ্ৰহণ কৰি ৰাজ্যৰ শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন অসম চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে৷
নেতাদ্বয়ে সুভাষ চন্দ্ৰ বসুক যেনেকৈ চক্ৰান্তমূলকভাৱে কংগ্ৰেছ দলে খেদি পঠিয়াইছিল ঠিক তেনেকৈ একেই পন্থাৰে বিজেপিয়ে বাঙালী সকলক খেদিবলৈ চেষ্টা চলাইছে বুলি অভিযোগ কৰে৷ অসম আৰক্ষীয়ে নিৰীহ বাঙালী লোক সকলৰ ওপৰত অত্যাচাৰ চলোৱা বুলি ঘোৰ অভিযোগ কৰি নেতাদ্বয়ে কয় যে চৰচাপৰিত বসবাস কৰা লোক সকলক ডি-ভোটাৰৰ নামত জাননী নাইবা অত্যাচাৰ চলোৱাৰ কিয় সাহস চৰকাৰে গোটাব পৰা নাই৷ বাঙালী সকলক বাৰে বাৰে প্ৰতাৰনা কৰা হৈছে আৰু ৰাজ্যত কিবা পৰিস্থিতিৰ উদ্ভৱ হলে বাঙালী আৰু অসমীয়াৰ ৰূপ দিয়া হয় বুলি নেতাদ্বয়ে আক্ষেপ ব্যক্ত কৰি ৰাজ্যত বিজেপি চৰকাৰ অহাৰ পৰাই বাঙালী সকলৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে বুলি মন্তব্য কৰিছে৷
হিন্দুৰ শ্ল’গানেৰে ক্ষমতাত অহা বিজেপিয়ে ওলটা খৰ মাৰি বাঙালী হিন্দু সকলকহে খেদিবলৈ চেষ্টা চলাইছে বুলি চাঞ্চল্যকৰ অভিযোগ কৰি এইক্ষেত্ৰত সকলো বাঙালী সম্প্ৰদায়ৰ লোকে একগোট হৈ আগন্তুক সময়ত বিজেপিক গাডীচ্যুত কৰিব বুলি হুংকাৰ দিয়ে৷ অসমত হিন্দু বাঙালীৰ ওপৰত চলা অত্যাচাৰ কোনোপধ্যে সহ্য কৰা নহব বুলি হুংকাৰ দি বাঙালী সকলৰ ওপৰত অত্যাচাৰ অব্যাহত ৰাখিলে হিন্দু বাঙালী সকল হাত সাবটি বহি নাথাকে বৰঞ্চ ৰাজ্যৰ সকলো হিন্দু বাঙালী লোকেই বিজেপি চৰকাৰক গাডীচ্যুত কৰাৰ অঙ্গীকাৰবদ্ধ হোৱা বুলিও নেতাদ্বয়ে মন্তব্য আগবঢ়াইছে৷
বৈধ নাগৰিক হোৱা সত্বেও বহু বাঙালী লোকক ডিটেনশন কেম্পত ৰখা হৈছে বুলি মন্তব্যৰে শীঘ্ৰেই ডিটেনচন কেম্পত ৰখা বাঙালীসকলক মুক্তি দিবলৈ আহ্বান জনাইছে। সুবোধ বিশ্বাসৰ প্ৰসংগ টানি আনি নেতাদ্বয়ে কয় যে বিশ্বাস কোনোদিনে অসমত সংঘৰ্ষ লগোৱাৰ চেষ্টা চলোৱা নাছিল বৰঞ্চ সুবোধ বিশ্বাসে হিন্দু বাঙালী লোক সকলক ৰক্ষনাবেক্ষন দিব লাগে বুলিহে কৈছিল ৷ কিন্তু বিজেপিয়ে চক্ৰান্তমুলক ভাৱে গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থোৱা বুলিও অভিযোগ উত্থাপন কৰিছে নেতাদ্বয়ে ৷ আজিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ফেডাৰেছনৰ নেতা গোপাল ঘোষ, জয়ন্ত দাস আৰু বিজু সাহাকে ধৰি কেইবাগৰাকী নেতা উপস্থিত থাকে৷