
কোকৰাঝাৰঃ অসম চৰকাৰৰ দূৰ্বল নেতৃত্বৰ বাবেই হিন্দু বঙালীৰ সৈতে আন জাতি জনগোষ্ঠীৰ সংঘাতৰ উদ্ভৱ হৈছে আৰু ইয়ে সাতোমপুৰুষীয়া ঐক্য ভাতৃত্ববোধ বিনষ্ট কৰিছে। ৰাজ্যত অগ্নিগৰ্ভ পৰিৱেশ সৃষ্টি হোৱাৰ মুলতে হ'ল বহু আশাৰে ভোট দি নিৰ্বাচিত চৰকাৰৰ ব্যৰ্থতা। এই মন্তব্য প্ৰকাশ কৰিছে সদৌ ভাৰত বেংগলী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি শ্যামল সৰকাৰৰ।
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
আজি কোকৰাঝাৰৰ অমলা ভৱনত আয়োজিত হোৱা এক সংবাদমেলত সদৌ ভাৰত বেংগলী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি শ্যামল সৰকাৰে উক্ত মন্তব্য প্ৰকাশ কৰি কয় যে সম্প্ৰতি অসমত এক বিশেষ চক্ৰই বিভিন্ন ঘটনাৰ জৰিয়তে জাতিগত সংঘৰ্ষৰ ৰূপ দিয়াৰ প্ৰচেষ্ঠা চলাই আহিছে৷
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
চিলাপথাৰ কাণ্ডৰ পিছতে নগাঁও কাণ্ডৰ জৰিয়তে সমগ্ৰ বঙালী জাতিটোকে জড়িত কৰা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দি শ্যামল সৰকাৰে চিলাপথাৰ কাণ্ডৰ আচল মাষ্টাৰ মাইণ্ডসকলকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহন কৰিলে নগাঁও কাণ্ডৰ পুনৰাবৃত্তি নহলহেতেন বুলি মন্তব্য কৰিছে। তেওঁ কয় যে নগাঁও কাণ্ডৰ পিছতে ৯ গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে যদিও গ্ৰেপ্তাৰ হোৱা ৫ গৰাকী লোকহে বাঙালী সম্প্ৰদায়ৰ আৰু বাকী ৪ গৰাকী লোকই অসমীয়া৷
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
তৎসত্বেও উক্ত ঘটনাটোক কিছুমানে বাঙালী আৰু অসমীয়াৰ মাজত সংঘৰ্ষ বুলি ৰূপ দিবলৈ অহৰহ চেষ্টা চলোৱা কাৰ্য কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি মন্তব্যৰে শ্যামল সৰকাৰে চান্দা সংগ্ৰহ কৰা এটি দল আৰু ব্যৱসায়ীৰ মাজৰ সংঘটিত হোৱা ঘটনাটোকে ৰাজনৈতিক ৰহন সানি গোষ্ঠীদ্বন্দৰ ৰূপ দিব বিচৰাটো দুৰ্ভাগ্যজনক আৰু গৰিহণামূলক বুলি মন্তব্য প্ৰকাশ কৰি ধেমাজি আৰু নগাঁও কাণ্ডৰ চিবিআই তদন্তৰ দাবী উত্থাপন কৰে। অসমত যুগ যুগ ধৰি বসবাস কৰি অহা হিন্দু বাঙালীক অযথা অনা-অসমীয়া, বাংলাদেশী আৰু বিভিন্ন উপাধিৰে অপমান কৰি ভাতৃত্ববোধৰ ঐক্যত আঘাত নকৰিবলৈও আহ্বান জনাইছে শ্যামল সৰকাৰে৷
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
ইপিনে কোকৰাঝাৰৰ অমলা ভৱনত আয়োজিত হোৱা সংবাদমেলত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ সভাপতি দীপক দে উপস্থিত থাকি কয় যে অসম চৰকাৰৰ দুৰ্বল স্থিতিৰ বাবেই অসমত বাঙালীসকলক অপমান কৰা হৈছে৷ অসমত পৰিৱৰ্তনৰ নামত বাঙালীসকলক অপমান কৰা হৈছে আৰু খেদি পঠিওৱাৰ ষড়যন্ত্ৰ কৰা হৈছে বুলি মন্তব্যৰে অসমত যিকোনো ঘটনা সংঘটিত হলে সমগ্ৰ বাঙালী জাতিটোক ঘটনাটোৰ সৈতে জড়িত কৰাটো এক প্ৰথাত পৰিণত হৈছে আৰু ষড়যন্ত্ৰকাৰীসকলৰ বিৰুদ্ধে চৰকাৰে একো কাৰ্য ব্যবস্থা নোলোৱা কাৰ্যক ধিক্কাৰ দিছে দীপক দেই ৷
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
অসম চৰকাৰৰ দুৰ্বল নেতৃত্বৰ বাবেই সকলো জাতি-জনগোষ্ঠীৰ ভাতৃত্ববোধত ফাঁট মেলিছে আৰু চৰকাৰে সক্ৰিয় ভূমিকাৰে নিৰপেক্ষ তদন্তৰ জৰিয়তে প্ৰকৃত দোষীক কৰায়ত্ব নকৰিলে অনাগত দিনত অসমত জটিল পৰিস্থিতিৰ সৃষ্টি হব পাৰে বুলিও আশংকা ব্যক্ত কৰি অহা ৭ ছেপ্তেম্বৰত দিছপুৰ লাষ্ট গেটত বিভিন্ন সংগঠনে একত্ৰিত হৈ তেওঁলোকৰ বিভিন্ন দাবীৰ প্ৰতিবাদত ধৰ্না কাৰ্যসূচী পালন কৰিব বুলিও জানিবলৈ দিয়ে দীপক দেই৷
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
ইপিনে ডি ভোটাৰ আৰু বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় হিন্দু বাঙালীসকলক হাৰাশাস্তি নকৰিবলৈ সন্থাই সকিয়াই দিছে। আজিৰ সংবাদমেলত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ সভাপতি মন্টু দে, কাৰ্যকৰী সভাপতি অৰবিন্দ শীল,বাঙালী কল্যান পৰিষদৰ প্ৰবীন দাসকে ধৰি কেইবাগৰাকী নেতা উপস্থিত থাকে৷