বেজেৰাঃ বৃহস্পতিবাৰে বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনাত থিতাতে নিহত দশম শ্রেণীৰ ছাত্র

নিহত ছাত্র জনৰ নাম বাবুমণি আলী 

দশম শ্রেণীৰ প্ৰাক প্ৰৱেশিকা পৰীক্ষা শেষ কৰি নিজ গৃহলৈ চাইকেলৰে আহি থকাত বিপৰীত দিশৰপৰা এখন দ্ৰুত বেগী ট্ৰাক এখনে খুন্দিয়াই ছাত্ৰজনক৷

থিতাতে মৃত্যু হোৱা ছাত্ৰজনক খুন্দিয়াই পলায়ন কৰে ট্ৰাকৰ পৰিচালকে৷

স্থানীয় লোকে বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্রত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

বাবুমণি আলী ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্র আছিল।

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ইতিমধ্যে ছিপাঝাৰ আৰক্ষী থানাত আৱদ্ধ কৰি ৰখা হৈছে।