05
Nov
2017

আমগুৰিঃ শিৱসাগৰৰ আমগুৰিতো সুধাকন্ঠ ভূপেন হাজৰিককা স্মৰণ কৰে ৰাইজে৷ আমগুৰি চহৰৰ মাজ-মজিয়াত আমগুৰিৰ ৰাইজে বিশ্ব বিশ্ৰুত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি যাচে৷ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ উদ্যোগত আমগুৰিবাসীয়ে আমগুৰি নগৰত শিল্পীজনৰ মৃত্যু বাৰ্ষিকী পালন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
শিল্পীজনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে প্ৰতিমুৰ্তিৰ সমুখত বন্তি প্ৰজ্বলন কৰি একাংশ শিল্পীয়ে৷ সমবেত লোকসকলে 'মানুহে মানুহৰ বাবে'- কালজয়ী গীত পৰিবেশন কৰি আমগুৰি চহৰক জীপাল কৰি তোলে। শিল্পীগৰাকীৰ মৃত্যু বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভূপেন্দ্ৰ সংগীতৰ অনুষ্ঠান অনুষ্ঠিত হয়৷