
চামগুৰিঃ প্ৰাক্তন শিক্ষক তথা পুৰণিগুদাম হালোৱাগাঁও নিবাসী ভদ্ৰেশ্বৰ শইকীয়াই ৮০ বছৰ বয়সত দেওবাৰে মৃত্যুক আকোৱালি লয়৷ বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহতে মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে গুণমুগ্ধৰে ভৰি পৰে ভদ্ৰেশ্বৰ শইকীয়াৰ ঘৰ৷ শইকীয়া এগৰাকী কৃতী শিক্ষক হোৱাৰ উপৰিও শ্ৰীমন্ত শংকৰ সংঘৰ কঢ়ালীগাঁও শংকৰ মিচনৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল।
ইয়াৰ উপৰিও ভদ্ৰেশ্বৰ শইকীয়াই অঞ্চলৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিল। শইকীয়াৰ মৃত্যুত আপকুৰ নগাঁও জিলা সমিতি, পুৰণিগুদাম প্ৰেছ ক্লাৱ, বঢ়মপুৰ প্ৰেছ ক্লাৱ, চামগুৰি ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েচন, সংযুক্ত সাংবাদিক সন্থা(উকাচ)ৰ লগতে পুৰণিগুদামৰ বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত শইকীয়াই পত্নী আৰু দুই পুত্ৰ, জীয়ৰী, বোৱাৰী আৰু নাতি-নাতিনীত ইহসংসাৰত এৰি থৈ যায়৷