বৰক্ষেত্ৰীঃ ঢল পুৱাতে বিছনা এৰি তাই পঢ়া টেবুলত বহে৷ মাতৃয়ে তাইক পঢ়া টেবুলত চাহ কাপ নিদিলে অভিমান কৰে তাই৷ মাতৃৰ হাতৰ চাহ কাপ খাই প্ৰায় ৮ বজাত পঢ়া টেবুল এৰি গা-ধুবলৈ যায়৷ লৰা লৰিকৈ গা-পা ধুই ইউনিফৰ্ম পিন্ধি চাইকেল চলাই স্কুললৈ য়ায৷ প্ৰায় এক কিঃ মিঃ পথ চাই কেল চলাই নিতৌ স্কুললৈ য়ায তাই৷ তাই পঢ়াৰ বাহিৰে আন একো নুবুজে৷

ঘৰৰ কাম বনত মাকক সহায় কৰিলেও তাৰ ধাউতি কেৱল পঢ়াত হে৷ আজি পুৱাৰ চাহ কাপ খাই তাই স্কুললৈ লৰা লৰাকৈ চাইকেল খন লৈ ওলাই গৈছিল৷ প্ৰায় তিনি বজাত ঘৰলৈ আহি দৌৰা দৌৰিকে মাকে দিয়া এমুঠি খাই তাই আকৌ টিউচনলৈ য়ায৷ তাই আন দিনা প্ৰায় ৫ বজাত টিউচনৰ পৰা আহি পায় যদিও আজি বহু পলমকৈ আহি নোপোৱাত মাতৃ চিন্তাত পৰে৷ থিক তেনে সময়তে ঘৰ খনলৈ এটা খবৰ আহিল৷

তাই পানীত পৰিছে৷ চাইকেল সহিতে পানীত পৰি ডুব গৈছে৷ ঘৰৰ মানুহ বলিয়া হৈ দৌৰি দেখে পথৰ দাতিত অগনন মানুহ৷ আৰু এটি পুখুৰীৰ পৰা তাইৰ দেহটো উঠাই আনিছে কেইজনমান লোকে৷ ততাতৈয়াকৈ তাইক চিকিৎসালয়লৈ নিয়ে যদিও তাইক মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ তাইৰ আৰু ঘৰ পাবলৈ অকণমান ঠাই বাকী আছিল৷ তাইৰ নাম ভনিতা বৈশ্য৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশালৰ ধৰণী বৈশ্যৰ কন্যা আছিল তাই৷

পথৰ দাতিৰ দ’ পুখুৰীটোত পৰি আজি আবেলি প্ৰায় পাঁচ বজাত নৱম শ্ৰেণীৰ ছাত্ৰী ভনিতাৰ মৃত্যু হয়৷ দৌলাশাল হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল ভনিতা। দৌলাশালৰ ধৰণী বৈশ্যৰ কন্যা ভনিতা বৈশ্যই চাইকেলেৰে গৈ থকা অৱস্থাত চাইকেল সহিতে পথৰ দাঁতিত থকা দপুখুৰীত পৰে মৃত্যুক আকোৱালি লয়।

স্থানীয় ৰাইজে পানীৰ পৰা ভনিতাক চাইকেল সহ উদ্ধাৰ কৰে। দৌলাশাল আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ ভনিতা বৈশ্যক দৌলাশাল প্ৰাথমিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষনা কৰে। সম্প্ৰতি ভনিতা বৈশ্যৰ মৃতদেহ দৌলাশাল আৰক্ষী চকীত ৰখা হৈছে। ভনিতা বৈশ্যৰ অস্বাভাৱিক মৃত্যুত পৰিয়ালটোৱে সহজ ভাবে লব পৰা নাই৷ নৱম শ্ৰেণীৰ ছাত্ৰীৰ ভনিতাৰঅকাল মৃত্যুত শোকৰ ছাঁ পৰে অঞ্চলটোত৷