শুক্লাইঃ হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে ৰাজ্য চৰকাৰ খনে তিলমানো গুৰুত্ব আৰোপ দেখা নাায়৷ ৰাজ্যৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকৰ হাতীৰ জাকৰ উপদ্ৰৱৰ ফলত নিতৌ নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰ খনৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰত-ভূটান সীমান্তৰ ভেৰগাঁৱত সোমবাৰে নিশা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই৷ দৰিদ্ৰ শ্ৰমিকৰ ঘৰ ভাঙি কেইবাটাও পৰিয়ালক গৃহ হাৰা কৰে।

প্ৰায় ১৫০ জনীয়া হাতীৰ জাক এটাই ভেৰগাঁৱৰ বৰঙাজুলি চাহ বাগিচাৰ শ্ৰমিক লাইনত প্ৰৱেশ কৰি দৰিদ্ৰ শ্ৰমিক পায়েল কাৱাৰ আৰু কমল কাৱাৰৰ ঘৰ ভঙাৰ উপৰিও বিভিন্ন মূল্যবান গছ ভাঙি লণ্ড-ভণ্ড কৰে। আনহাতে কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়াল দুটাৰ লোকসকলৰ। হাতীৰ তাণ্ডৱৰ ফলত ৰাইজে দীৰ্ঘ দিনে বিনিদ্ৰ ৰজনী কটাবলগীয়া হোৱাৰ পিছতো বন বিভাগে ৰাইৰ জীৱন-সম্পত্তি ৰক্ষাৰ স্বাৰ্থত কাম নকৰাৰ অভিযোগ উত্থাপন হৈছে৷

হাতীৰ বৃহৎ জাকটোৱে চাহ বাগিচাত থিতাপি লোৱাত পুৱালৈকে বন বিভাগৰ লোক উপস্থিত নোহোৱাত হাতী খেদিবলৈ ৰাইজ খোদ ওলাই আহে। পৰীক্ষা চলি থকাৰ সময়তে ছাত্ৰ-ছাত্ৰী ব্যস্ত হৈ পৰিছে হাতী খেদাত৷ এন্ধাৰ হোৱাৰ পিছতে চৌদিশে চিঞৰ-বাখৰ আৰম্ভ হয়৷ সকলোৱে আতংকৰ মাজত সময় পাৰ কৰে৷ ৰাইজ তথা ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে লাঠি লৈ ওলাই আহে হাতী খেদিবলৈ৷ ফলত বছৰকীয়া পৰীক্ষাৰ মাজেত ছাত্ৰ-ছাত্ৰীসকলেও হাতী খেদিবলৈ ওলাই আহিবলগীয়া হৈছে।

বন বাভাগৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি কয় ৰাইজে৷ বন বিভাগে দায়িত্ব পালন নকৰি শুই থকাৰ ফলতে আজি ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব এৰি হাতী খেদিব লগা হৈছে বুলি ৰাইজে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে৷ কিছু লোকে আকৌ ট্ৰেক্টৰৰে হাতী খেদিবলৈ ওলাই অহা পৰিলক্ষিত হয়। এনেদৰে প্ৰতিদিনে হাতী মানুহৰ সংঘাট অব্যাহত আছে যদিও বন বিভাগে কোনো গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷