কাকপথাৰঃ সমগ্ৰ দেশৰ লগতে আজি বিশ্ব বৰেণ্য গণশিল্পী ড০ ভূপেন হাজৰিকাৰ ৯১তম জন্ম বাৰ্ষিকী কাকপথাৰ কণিষ্ঠ মহাবিদ্যালয়ত উলহ-মালহেৰে অনুষ্ঠিত কৰা হয়। সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণৰ লগতে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ আৰম্ভণী কৰে মহাবিদ্যালয়ৰে অধ্যক্ষা জানমণি মহন্ত দুৱৰাই।

অনুষ্ঠানত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলেও ভূপেন্দ্ৰ সংগীত, নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও সুধাকণ্ঠৰ কবিতা আবৃতি কৰে। অনুষ্ঠানৰ মাজতে ড০ ভূপেন হাজৰিকাৰ এক বিশেষ সাক্ষাৎকাৰৰ ভিডিঅ ক্লিপিং প্ৰদৰ্শিত কৰি সুধাকণ্ঠৰ জীৱন দৰ্শনৰ ওপৰত ছাত্ৰ-ছাত্ৰী সকলক অৱগত কৰায়।

বিশেষকৈ মহাবিদ্যালয়ৰে শিক্ষয়িত্ৰী ইলাক্ষী কোৱঁৰে ভূপেন হাজৰিকাৰ গীতত আধাৰিত এক নৃত্য প্ৰদৰ্শনেৰে সকলোৰে মন মুহিবলৈ সক্ষম হয়। অনুষ্ঠানৰ শেষত নিমন্ত্ৰিত কাকপথাৰৰে এগৰাকী উদিয়মান শিল্পী পাৰ্থ প্ৰতীম মজুমদাৰৰ গীতৰ শৰাইৰে সকলোকে জনাবলৈ চেষ্টা কৰে যে ভূপেন হাজৰিকা আজিও জীয়াই আছে আমাৰ মাজত তেখেতৰ গীত-মাতেৰে, কবিতাৰে লগতে তেখেতৰ কৰ্মৰাজীৰে। অনুষ্ঠানটো আঁত ধৰে মহাবিদ্যালয় খনৰ বুৰঞ্জী বিষয়ৰ শিক্ষক তপন শৰ্মাই।