
কোকৰাঝাৰঃ বিশ্ব বৰেণ্য শিল্পী, অসম ৰত্ন, সংগীত সূৰ্য সুধাকন্ঠ ড˚ ভূপেন হাজৰিকাৰ ৯১ তম জন্মদিন আজি জিলা প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰত উদযাপন কৰা হয়।
কোকৰাঝাৰস্থিত বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আজি জিলা প্ৰশাসন আৰু কোকৰাঝাৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট সমাজসেৱক অৰুণ কুমাৰ বৰগয়াৰীয়ে ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে৷
ইয়াৰ পিছতে আদৰণি ভাষণ আগবঢ়ায় জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰীয়ে ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ কালজয়ী গীতেৰে স্থানীয় শিল্পীৰ দলে সকলোকে মুগ্ধ কৰি তোলে৷
আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কোকৰাঝাৰ ডায়েটৰ অধ্যক্ষ বন্ধুৰাম বসুমতাৰী, কোকৰাঝাৰৰ অতিৰিক্ত উপায়ুক্ত ক্ৰমে দেবেশ্বৰ বৰা, ভাস্কৰ দাস আৰু সমাজসেৱক প্ৰেমচন্দ ঝাৰ উপৰিও বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি সুধাকন্ঠৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে৷
ইপিনে আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে Chief Minister Community Action Award for Devolepmentৰ বাবে বিশিষ্ট সমাজসেৱক কান্তেশ্বৰ ৰায়ক নগদ ৫০০০ টকাসহ প্ৰশস্তি পত্ৰ আগবঢ়ায় জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰীয়ে৷