নামতিঃ অসমীয়া জাতীয় জীৱনক গানেৰে, সুৰেৰে প্রাণময় কৰি তোলা মহান শিল্পী অসম ৰত্ন বঁটা বিজয়ী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯১ সংখ্যক জন্ম দিৱস আজি সমগ্র ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে শিৱসাগৰ জিলাৰ নামতি ছহীদ পিয়লি ফুকন মহাবিদ্যালয়তো উলহ-মালহেৰে উদযাপন কৰা হয়৷

মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীসকলে পৰিৱেশন কৰা "মানুহে মানুহৰ বাবে" কোৰাছৰ পাছতেই উপাধ্যক্ষা মিনু হাজৰিকাই সুধাকণ্ঠ গৰাকীৰ প্রতিচ্ছবিত বন্তি প্রজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। শিল্পী গৰাকীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয় খনৰ অসমীয়া বিভাগৰ উদ্যোগত ড৹ ভূপেন হাজৰিকা বিশেষ সংখ্যা হিচাপে প্রাচীৰ পত্রিকা "অন্বেতন" উন্মোচন কৰে ড৹ যুগল খাৰঘৰীয়াই।

ইয়াৰ পাছতেই মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ মাজত ভূপেন হাজৰিকা জীৱন কেন্দ্রিক মুকলি কুইজ প্রতিযোগিতা আৰু গীতৰ অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানটো ভূগোল বিভাগৰ অধ্যাপক গজেন কুমাৰ কাকতিয়ে উদ্বোধন কৰি ড৹ ভূপেন হাজৰিকাৰ জীৱন আৰু কর্মৰ ওপৰত আলোকপাত কৰে।