
চিৰাংঃ পুনৰ অসমীয়াৰ স্বাভিমানত আঘাত হানি বিটিএডিত আছুৰ কাৰ্যালয়ত আক্ৰমণ কৰিলে দুৰ্বৃত্তই৷ বিটিএডিৰ চিৰাং জিলাত আক্ৰমণৰ লক্ষ্য হৈ পৰিল জাতীয় সংগঠন আছুৰ কাৰ্যালয়৷ দুৰ্বৃত্তই আছুৰ কাৰ্যালয়ত আক্ৰমণ কৰি বিস্তৰ ক্ষতি সাধন কৰে৷ বিটিএডিৰ চিৰাং জিলাৰ চিদলী আঞ্চলিক আছুৰ কাৰ্যালয়ত দুৰ্বৃত্তই মঙলবাৰে নিশা তাণ্ডৱ চলাই।
মঙলবাৰে নিশা চিদলী আঞ্চলিক আছুৰ অধিৱেশন আছিল। অধিৱেশন সমাপ্ত হোৱাৰ অন্তত নেতা-কৰ্মীসকল ঘৰাঘৰি যোৱাৰ পাছতেই নিশা দুৰ্বৃত্তই কাৰ্যালয়টোত তাণ্ডৱ চলায়। আছুৰ পতাকা লৈ যোৱাৰ লগতে পোষ্টাৰ, বেনাৰ, ফলক আদি ফালি-ছিৰি ক্ষতি সাধন কৰে। চিদলী আঞ্চলিক ছাত্ৰ সন্থাই চিদলী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে।
আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি দোষীক আটক কৰাৰ বাবে চেষ্টা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷ ঘটনাই সমগ্ৰ চিদলী অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জাতীয় সংগঠনৰ কাৰ্যালয়ত আক্ৰমণৰ ঘটনাক মানি লোৱা নহ’ব বুলি কয় আছু নেতা-কৰ্মীয়ে৷
⇒ধুবুৰীত আছুৰ কাৰ্যালয়ত আক্ৰমণ
⇒যোৱা ০১ ফেব্ৰুৱাৰীত ধুবুৰী জিলাৰ গৌৰীপুৰত দুৰ্বৃত্তই আক্ৰমণ কৰি জ্বলাই দিয়ে গৌৰীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়। কেৱল কাৰ্যালয় জ্বলাই দিয়াতে ক্ষান্ত নাথাকি দুৰ্বৃত্তই সৰস্বতী পূজাৰ মৃণ্ময় মূৰ্তিৰ লগতে কাৰ্যালয়টোৰ বহু গুৰুত্বপূৰ্ণ নথি পত্ৰৰ লণ্ড-ভণ্ড কৰে। গৌৰীপুৰ কাণ্ডৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছিল অসমবাসী৷
⇒ধেমাজি জিলাৰ চিলাপথাৰত আছুৰ কাৰ্যালয়ত আক্ৰমণ
⇒ইয়াৰ পূৰ্বে তিনিটাকৈ কাণ্ড সংঘটিত কৰি অসমীয়াৰ স্বাভিমানত আঘাত হানিছে একাংশ লোকে৷ যোৱা ৬ মাৰ্চৰ সন্ধিয়া প্ৰায় ৫ বজাত প্ৰথমটো ভয়াৱহ আক্ৰমণ সংঘটিত হৈছিল। হিন্দু বাংলাদেশী সংস্থাপন, এন আৰ চি উন্নীতকৰণ, বৃহৎ নদীবান্ধ নিৰ্মাণ সন্দৰ্ভত প্ৰতিবাদ কৰি অহা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বাংলাভাষী লোকে আক্ৰমণ কৰি শ্বহীদ বেদী ভাঙি পেলেৱাৰ লগতে কাৰ্যালয়ৰ আচবাব, সুধাকন্ঠ ড০ ভুপেন হাজৰিকাৰ ছবি দলিয়াই দিয়াৰ লগতে মটৰচাইকেল ভাঙি চুৰমাৰ কৰিছিল ধেমাজি জিলাৰ চিলাপথাৰত।
⇒নগাঁও কাণ্ড মুন বৰাক হত্যাৰ চেষ্টা
⇒২০১৭ চনৰ মাৰ্চ মাহৰ ঘটনাক অসমীয়াই আজিও পাহৰিব পৰা নাই৷ নগাঁৱত ধন দাবী কৰিবলৈ যোৱা বুলি মিছা অভিযোগ দি কেইবাজনো লোকে গুৰুলা-গুৰুল কৈ প্ৰহাৰ কৰি ডিঙিত বেল্টেৰে ছেপি ধৰি মুন বৰা নামৰ প্ৰাক্তন আলফাগৰাকীক হত্যাৰ চেষ্টা চলাইছিল৷
⇒গামোচা দাহ
⇒নগাঁৱৰ জুৰীয়াত বিধায়কৰ সন্মুখতে গামোচা জ্বলাইছিল একাংশ লোকে৷ নগাঁৱৰ জুৰীয়াত ঘটনাক সহজে লব পৰ নাছিল অসমবাসীয়ে৷ গামোচা জ্বলোৱা কাৰ্য অসমীয়াৰ স্বাভিমানত আঘাত হনা বুলি চৰ্চা হৈছিল৷
⇒বাৰে বাৰে অসমীয়াৰ স্বাভিমানত আঘাত
⇒দল-সংগঠনে চিলাপথাৰ কাণ্ড, জুৰিয়া কাণ্ডৰ, নগাওঁ কাণ্ডৰ বিৰুদ্ধে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তুলিছিল সমগ্ৰ ৰাজ্য৷ একাংশ লোকে ৰাজ্যত ক্ৰমান্বয়ে এটি জাতীয়তাবাদ বিৰোধী চক্ৰই অসমীয়াক আক্ৰমণ, শ্বহীদবেদী, সুধাকন্ঠৰ প্ৰতিচ্ছবি দলিওৱাৰ লগতে গামোচা জ্বলাই অসমত দপদপনি বঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি চৰ্চা হৈ অহাৰ সময়তে বাৰে বাৰে আক্ৰমণ হৈ আহিছে জাতীয় সংগঠন আছুৰ কাৰ্যালয়ত৷
ধেমাজি জিলাৰ চিলাপথাৰত নিখিল ভাৰত বাঙালী উদ্বাস্তু সমিতিয়ে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান, হিন্দু বাংলাদেশীক ক্ষমতা প্ৰদান, ডি ভোটাৰ বাতিলকৰণ, বিদেশীৰ নামত হিন্দু বাঙালীৰ ওপৰত অত্যাচাৰ বন্ধ কৰা, ডিটেনশ্যন কেম্পত আৱদ্ধ হিন্দু বাঙালীক বিনাচৰ্তে মুক্তি দিয়াকে আদি কৰি একাধিক দাবীৰ সমৰ্থনত অনুষ্ঠিত বিশাল জনসভাৰ অন্তত সংগঠনটোৱে এটি সমদল উলিয়ায়। সমদল কৰি গৈ থাকোতে চিলাপথাৰ চ'ক বজাৰত থকা চিলাপথাৰ আছুৰ কাৰ্যালয়ত আক্ৰমণ কৰিছিল।
দল-সংগঠন ৰাজ পথলৈ ওলাই আহে৷ সেই ঘটনাই তিনি মাহ পাৰ হৈ যোৱাৰ পাছত পুনৰ একাংশ সন্দেহজনক লোকে নগাঁৱত আক্ৰমণ কৰিছিল থলুৱাক৷ নগাঁৱত আক্ৰমণ কৰে প্ৰাক্তন আলফাৰ এটি দলক৷ বান সাহায্য বিচাৰি যোৱা প্ৰাক্তন আলফাক ব্যৱসায়ীয়ে হত্যাৰ চেষ্টা কৰা ঘটনাই উত্তাল কৰিছিল ৰাজ্য৷
ধন দাবী কৰিবলৈ যোৱা বুলি মিছা অভিযোগ দি কেইবাজনো লোকে গুৰুলা-গুৰুল কৈ প্ৰহাৰ কৰি ডিঙিত বেল্টেৰে ছেপি ধৰি মুন বৰা নামৰ প্ৰাক্তন আলফাগৰাকীক হত্যাৰ চেষ্টা চলাইছিল৷
প্ৰথমে ঘটনাক একাংশ লোকে আন ফালে নিব বিছাৰিছিল যদিও চিচি টিভিৰ ফুটেজে স্পষ্ট কৰি দিছিল সেয়া আছিল অসমীয়াৰ ওপৰত আক্ৰমণ৷ জাতি-মাটি-ভেটিক সুৰক্ষা দিব বুলি দাবী কৰা দল শাসনৰ গাদীত থকাৰ সময়তে চিলাপথাৰ কাণ্ডৰ পিছত বাৰ বাৰ আছুৰ কাৰ্যালয়ত সংঘটিত কৰিছে আক্ৰমণ৷
চিলাপথাৰ, নগাওঁ কাণ্ড, জুৰীয়া কাণ্ডৰ পিছতেই অসমীয়াৰ আবেগ, অনুভূতিক ভৰিৰে মোহাৰি সন্দেহজনক লোকে ধুবুৰীৰ গৌৰীপুৰৰ পিছত এইবাৰ চিৰাঙত আছুৰ কাৰ্যালয়ত আক্ৰমণ কৰে৷ এতিয়া প্ৰশ্ন হৈছে আছু সঁচাকৈ কাৰোবাৰ বাবে শত্ৰু হৈ পৰিছে নেকি৷ আছুক যিকোনো প্ৰকাৰে দুৰ্বল বুলি প্ৰতিপন্ন কৰিব খোজা হৈছে নেকি৷
অসম আন্দোলনৰ দৰে বিশ্বৰ অন্যতম আন্দোলনৰ নেতৃত্ব লোৱা আছুক অসমত একাংশ লোকে কেৰেপ নকৰা হৈছে নেকি? ক্ৰমান্বয়ে আছু দুৰ্বল হোৱা বুলি উত্থাপিত অভিযোগ সত্য বুলি প্ৰমাণিত হ’ব ধৰিছে নেকি? এনে প্ৰশ্ন অসমবাসীৰ মনত উদয় হৈছে৷
২০১৬ চনত নতুন চৰকাৰ গঠন হোৱাৰ পিছত আছুৱে অসমৰ সমস্যা সমূহক লৈ পূৰ্বৰ দৰে আন্দোলন কৰা নাই সেই কথা সকলোৱে স্বীকাৰ কৰিব৷ আছুৱে বৰ্তমানৰ চৰকাৰৰ বিৰুদ্ধে চৰণ কৰিব নোৱাৰৰ ফলতেই এতিয়া একাংশই আছুক দুৰ্বল হৈ পৰা বুলি কাৰ্যালয়ত আক্ৰমণ কৰা আৰম্ভ কৰিছে নেকি৷
এনে বহু প্ৰশ্ন অসমীয়াৰ মনত উদয় হোৱাটো স্বাভাৱিক৷ এতিয়াও অসমৰ ৰাইজে এশ একুৰি সমস্যাৰ মাজেৰে দিন পাৰ কৰিছে৷ আজিও মথাউৰি উন্মুক্ত৷ গৰাখহনীয়া ৰোধৰ ব্যৱস্থাৰ কোনো আঁচনি নাই চৰকাৰৰ ওচৰত৷ ৰাজ্যৰ ৰাস্তা-ঘাট জৰাজীৰ্ণ৷ মাজুলীক ৰক্ষা কৰাৰ কোনো ব্যৱস্থা আঁচনি নাই চৰকাৰৰ হাতত৷
হিন্দু বাংলাদেশী সন্দৰ্ভত শাসকীয় দলৰ লোকে বিভিন্ন সময়ত মন্তব্য প্ৰকাশ কৰি আহিছে যদিও জাতীয় সংগঠনটোৱে যেনেদৰে সক্ৰিয় হ’ব লাগিছিল তেনেদৰে সক্ৰিয় হোৱা দেখা নাযায়৷
আনহাতে এনআৰচিৰ কাম দ্ৰুত গতিত চলি থকাৰ সময়তে একাংশ লোকে সামাজিক পৰিৱেশ ভংগ কৰাৰ বাবে বাৰে বাৰে আছুৰ কাৰ্যালয়ক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলিও একাংশ লোকে অভিযোগ উত্থাপন কৰে৷ ৰাজ্যত কিছুমান লোকে অহৰহ শান্তি-সম্প্ৰীতি বিনস্ত কৰাৰ বাবে চেষ্টা কৰি আহিছে যদিও এনেবোৰ কাৰ্যক সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও প্ৰশ্ৰয় নিদিয়ে বুলি কৈ আহিছে৷