
newsnextone.com | লিডুঃ দুগৰাকী নিৰীহ যুৱকক কেইগৰাকীমান লোকে বৰ্বৰ ভাৱে আক্ৰমণ কৰি হত্যা কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া-প্ৰতিবাদ আজিও অব্যাহত আছে৷ কাৰ্বি আংলঙৰ ডকমকাত গুৱাহাটীৰ দুই উদীয়মান যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক দুৰ্বৃত্তই নৃসংশভাৱে হত্যা কৰা ঘটনাক সমাজৰ সৰ্বপ্ৰকাৰৰ লোকে নিন্দা কৰি ঘটনাৰ সৈতে জৰিত দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই আহিছে৷
ৰাজ্যৰ চৌদিশে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই অহাৰ সময়তে এগৰাকী লোকে ৬৫০ কিঃ মিঃ চাইকেল চলাই গুৱাহাটীলৈ আহি এই জঘন্য ঘটনাৰ প্ৰতিবাদ জনোৱাৰ লগেতে দুয়ো যুৱকৰ আত্মাৰ সদ্গতি কামনা কৰিব৷ ইমানে নহয় তেওঁৰ যাত্ৰাৰ দ্বাৰা সমাজৰ পৰা কু-সংস্কাৰ, অন্ধবিশ্বাস আতৰ হোৱাৰ লগতে শান্তি কামনা কৰিব৷
তিনিচুকীয়া জিলাৰ জাগুন খাৰাংকঙৰ নিবাসী ভূপেন লিকচনে বৃহস্পতিবাৰে অভিজিৎ আৰু নীলোৎপলৰ আত্মাৰ চিৰশান্তি কামনা কৰি জাগুনৰ পৰা গুৱাহাটীলৈ চাইকেল চলাবলৈ আৰম্ভ কৰে৷
যোৱা ৮ জুনত ডকমকাৰ পাণজুৰিত এচাম দুৰ্বৃত্তই নিৰ্মম ভাৱে হত্যা কৰা দুগৰাকী প্ৰতিভাবান যুৱকৰ আত্মাৰ চিৰশান্তি কামনা কৰে৷ নিলোৎপল দাস আৰু অভিজিৎ নাথৰ পৰিয়াল বৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰিব৷ ভূপেন লিকচনে অসম-অৰুণাচল সীমান্তৰ জাগুন বজাৰৰ মাজমজিয়াৰ পৰা গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰে।
নীলোৎপল আৰু অভিজিতৰ প্ৰতিচ্ছবি চাইকেলৰ সন্মুখত ওলোমাই জাগুনৰ পৰা গুৱাহাটীলৈ প্ৰায় ৬৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ তিনিদিনত অতিক্ৰম কৰাৰ দৃঢ় সংকল্প গ্ৰহণ কৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ভূপেন লিকচনে গঁড় হত্যাৰ প্ৰতিবাদত জাগুনৰ পৰা গুৱাহাটীলৈ চাইকেল চলােৱাৰ লগতে, জাগুনৰ পৰা মাৰ্ঘেৰিটাস্থিত পাৱৈলৈকে ঘণ্টাত ৪০ কিলোমিটাৰ পথ হেণ্ডেল নধৰাকৈ চাইকেল চলাই ২০১৩ চনত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু চেন্নাইত ঘণ্টাত ৫০ কিঃ মিঃ পথ অতিক্ৰম কৰি ২০১৫ চনত এছিয়া বুক অৱ ৰেকৰ্ডছক নামৰ অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়৷
অনাগত দিনত গিনিজ বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ৫৪বছৰীয়া ভূপেন লিকচনে ধৈৰ্য্য, একাগ্ৰতা আৰু দৃঢ় মনোবলেৰে দৰিদ্ৰতা তথা বিভিন্ন সমস্যাক আওকান কৰি অভি আৰু নীলৰ আত্মাৰ সদ্গতি কামনা কৰি চাইকেল চলাব খোজা কাৰ্যক জাগুনবাসীয়ে আদৰণি জনায়।