
ডিজিটেল ৰিপ'ৰ্টঃ কালজয়ী গীতৰ স্ৰষ্টা, অমৰ শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আজি আমাৰ কাষত নাই। মৰমৰ ভূপেনদা নোহোৱা হোৱা প্ৰায় ছবছৰ হ'ল যদিও প্ৰতিজন অসমীয়াৰ বুকুত ভূপেনদা জীয়াই আছে।
কাইলৈ অৰ্থাৎ ৮ ছেপ্তেম্বৰ ড° ভূপেন হাজৰিকাৰ জন্মদিন আৰু ভূপেনদাক সুঁৱৰি বহুতেই অনুষ্ঠানৰ আয়োজন কৰিব যদিও দূৰ্ভাগ্যজনকভাৱে ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ডতে নিৰ্মান কৰা ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যানৰ অৱস্থা সম্প্ৰতি তথৈবচ হৈ পৰিছে।
সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতিত কংগ্ৰেছ চৰকাৰৰ আমোলত ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ডতে নিৰ্মাণ কৰা ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান সম্প্ৰতি কোকৰাঝাৰত এৰাবাৰীত পৰিণত হৈছে। ২০১৪-১৫ এমজিএনৰেগাৰ অধীনত কোকৰাঝাৰৰ মুঠ ছটা উন্নয়ন খণ্ড ক্ৰমে কোকৰাঝাৰ, গোঁসাইগাঁও, হাতিধুৰা, কচুগাঁও, দেবীতোলা আৰু দোতমা উন্নয়ন খণ্ডত নিৰ্মাণ কৰা ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান আজি প্ৰায় পৰিত্যাক্ত আৰু অৱহেলিত।
তদুপৰি প্ৰাককলন অনুসৰি নিৰ্মাণকাৰ্যও সম্পূৰ্ণ হোৱা নাই বিশ্ববন্দিত শিল্পীগৰাকীৰ স্মৃতিত নিৰ্মান কৰা মুকলি মঞ্চ আৰু উদ্যান। অদ্যপি ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যানত নিৰ্মিত হোৱা নাই চৌহদৰ বেৰ, শিশু উদ্যান, পায়খানা-প্ৰস্ৰাৱগৃহকে ধৰি আন আনুষংগিক কাম-কাজ। ফলত একপ্ৰকাৰ এৰাবাৰীত পৰিণত হৈছে সপোনৰ প্ৰকল্প ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰ উদ্যান।
যি মুকলি মঞ্চ আৰু উদ্যানত সাংস্কৃতিক কাৰ্যসূচীকে ধৰি আন বহুতো সামাজিক অনুষ্ঠান হব লাগিছিল আৰু যি শিশু উদ্যানত শিশুৰ কলৰৱেৰে মুখৰিত হৈ থাকিব লাগিছিল সেই ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আজি গৰু-ছাগলীৰ আশ্ৰয়স্থলীত পৰিণত হৈছে।
গৰু-ছাগলীৰ বিষ্ঠাৰে ভৰপূৰ বোকাময় অযত্নপালিত ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যানৰ বিধ্বস্ত ৰূপ দেখি প্ৰতিজন অসমীয়াৰে অন্তৰে হাহাকাৰ কৰি উঠে। বৰ্তমানলৈকে নিৰ্মাণকাৰ্য অসম্পূৰ্ণ হৈ থকা ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যানৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ স্থানীয় জনতাই চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।