নগাঁওঃ বিশিষ্ট লেখিকা তথা অধিবক্তা বিভা ফুকনৰ ‘মই চন্দনাই কৈছো’ নামৰ গ্ৰন্থ খন মঙলবাৰে উন্মোচন কৰা হয়৷

নগাঁৱৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কল্লোলৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ঐতিহাসিক নেহৰুৱালিৰ বাকৰিত অনুষ্ঠিত হৈ থকা নগাঁও গ্ৰন্থমেলাত নগাঁও লেখিকা সমাৰোহ সমিতিৰ এক মনোগ্ৰাহী অনুষ্ঠানত কেইবাখনো গ্ৰন্থৰ লগতে বিশিষ্ট লেখিকা তথা অধিবক্তা বিভা ফুকনৰ শিশু গল্প সংকলন 'মই চন্দনাই কৈছো' উন্মোচন কৰা হয়৷

এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত গ্ৰন্থখন আনুষ্ঠানিকভাবে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, গৱেষক,পণ্ডিত ড০ নৰেন কলিতাই৷ নগাঁও লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা দীপা বৰুৱাই আঁতধৰা অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অধ্যাপিকা মঞ্জু লস্কৰ, সু-লেখিকা ৰেণু দেৱী, আভা বৰা, ড০ থুনু কলিতা, অলকা বৰঠাকুৰকে প্ৰমুখ্য কৰি কেইবাগৰাকীও লেখক-সাহিত্যিকে অংশগ্ৰহন কৰে৷