
ডিব্ৰুগড়ঃ সম্পত্তি বুলিবলৈ একো নাই৷ মাথো ঘৰৰ ভেটিটো৷ দুটি কোঠাৰ এটি ঘৰ সেয়া বৰ্ণনা কৰিব নোৱাৰি৷ ঘৰৰ ভিতৰৰ পৰা আকাশৰ তৰা গণনা কৰিব পাৰি৷এটি অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান তেও৷ যৌৱন লাভ কৰাৰ পূৰ্বৰ পৰাই ইঘৰ-সিঘৰে কাম কৰি প্ৰতিদিনে টকা উপাৰ্জন কৰিছিল তেও৷ গধুলি ঘৰলৈ আহি পিতৃ-মাতৃৰ হাতত তুলি দিছিল টকা কেইটা৷ তেওঁৰ চকুৰ পিনে নোচোৱাকৈ মাতৃয়ে হাত পাতি লৈছিল টকা কেইটা৷ যি কেইটা টকাৰ মাতৃক প্ৰয়োজন আছিল৷
কিন্তু কিশোৰ পুত্ৰৰ উপাৰ্জন বিছৰা নাছিল যদিও দৰিদ্ৰতাই সকলো সম্ভৱ কৰিবলৈ বাধ্য কৰিলে৷ সন্তানটোক পঢ়াই-শুনাই বৰ মানুহ কৰাৰ খুবেই ইচ্ছা কৰিছিল যদিও দৰিদ্ৰতাই হেঙাৰ হৈ থিয় দিছিল৷ পিতৃ-মাতৃৰ কথা মতে তেও বিবাহ পাশত আবদ্ধ হৈ এটি সন্তানৰ পিতৃ হ'ল। নাম তেওৰ উমাকান্ত চেতিয়া৷ হয়, শদিয়াৰ দুপনিবৰ গাঁৱৰ উমাকান্ত চেতিয়াৰ কথাকে কৈছো৷
তেও বিখ্যাত মানুহ নহয়৷ তেওলোকক বিছাৰি ফুৰিবলৈ প্ৰয়োজনো হয়তো নাই৷ কাৰণ তেনেবোৰ লোকে জীৱন-যৌৱনৰ সৈতে সংগ্ৰাম কৰি ভাগৰি পৰিছে৷ তথাপিও তেনে উমাকান্ত হাজাৰ হাজাৰ আছে অসম মুলুকত৷ এসাজ খাই এসাজ লঘোনে থকা অলেখ লোকৰ মাজত তেও এজন। উমাকান্ত চেতিয়াহঁতৰ সপোন বোৰ পূৰণ নহয় বাবেই তেওলোকে বুকুত অযুত দুখ বান্ধি লৈ দিন পাৰ কৰে৷ কিয়নো তেওলোকে শৈশৱ কালত দেখা সপোন বোৰ ফলিয়াবলৈ এতিয়া আৰু সময় নাই৷
কিন্তু তেওলোকৰ সন্তানক তেওলোকে তেওলোকে অহা বাটেৰে নিব নোখোজে৷ কিয়নো তেওলোকে বুজি পোৱা ঐকৈশ শতিকাৰ কথা৷ তেওলোকে বুজি পায় ডিজিটেল যুগৰ কথা৷ যাৰ বাবে তেওলোকে সন্তানক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব খোজে৷ কিন্তু অসমৰ তেনে উমাকান্ত হতে সন্তানক পঢ়ুৱাব পাৰিছেনে৷ প্ৰতিভা অনুযায়ী সুবিধা দিব পাৰিছেনে৷ একে আষাৰে কব পাৰি তেওলোকৰ সন্তানে কেৱল অৰ্থৰ অভাৱত উচিত শিক্ষা লাভ কৰিব নাই৷ উমাকান্তৰ চেতিয়াৰ পুত্ৰ বিদ্যুৎ বিকাশ কিন্তু বহি থকা নাই৷
তেও নিতৌ চৰ্চা কৰি গৈছে সংগীতৰ৷ বিদ্যুৎ বিকাশ স্নাতকৰ তৃতীয় ষান্মাসিকৰ পৰা পঢ়ি থাকিলেও সৰুৰে পৰা সংগীতৰ পিছ এৰা নাই৷ পিতৃ-মাতৃৰ সপোন পুৰণ কৰিবলৈ বিদ্যুৎ বিকাশে নিতৌ কৰে সংগীত চৰ্চা৷ তেওক উজনিৰ যুৱ প্ৰজন্মই জানে৷ ছচিয়েল মিডিয়াত বহু মানুহে তেওৰ গানৰ শলাগ লয়৷ তেও এটি যুৱ প্ৰতিভা৷ বিদ্যুৎ বিকাশে পিতৃ-মাতৃৰ সপোন পুৰণ কৰিবলৈ হাতত তুলি লৈছে গিতাৰ৷ তেও গান গালে মানুহে ৰৈ ৰৈ শুনে৷
তেও ভাল কন্ঠৰ অধিকাৰী৷ সুধাকন্ঠ ড০ ভূপেন হাজৰিকা জন্মভূমি শদিয়াৰ দুপনি বৰ গাঁৱৰ উমাকান্ত চেতিয়া পুত্র বিদ্যুৎ বিকাশ চেতিয়াৰ কন্ঠত জাতি-মাটি-ভেটিৰ গান প্ৰায়ে শুনা যায়৷ তাৰ মাজতে বিদ্যুতে ''টঙালি বান্ধিবৰ হ'ল'' এলবাম নিজেই সুৰ অাৰু কন্ঠদান কৰি মুকলি কৰি সমাদৰ লাভ কৰিছে৷ ''টঙালি বান্ধিবৰ হ'ল'' হ’ল এলবামতৰ গানৰ কথা মহন্ত গগৈৰ অাৰু সংগীত পূৰৱ গোহাঁয়ে প্ৰদান কৰে৷
দিন হাজিৰা কৰি একমাত্র পুত্র সন্তান বিদ্যুৎ বিকাশক তিনিচুকীয়া মহাবিদ্যালত পঢ়াই থকাৰ লগতে সংগীতৰ জগতত আগুৱাই নিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ পুত্ৰক ডাঙৰ মানুৰ কৰাৰ সপোন পুৰণ কৰাৰ বাবে ৰাজ্যৰ দল-সংগঠনৰ অাৰ্শীবাদ বিছাৰিছে পিতৃ উমাকান্তই৷ যোৱা ৫ নৱেম্বৰত সদৌ অসম মটক যুৱ-ছাত্র পৰিষদ অাৰু সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ ডিব্ৰুগড় জিলা সমতিয়ে বিদ্যুৎ বিকাশ চেতিয়াক শিল্পী বঁটা প্ৰদান কৰে৷