♦ প্ৰস্তাৱিত বন নিৰাপত্তা শিবিৰ নিৰ্মাণ কৰাৰ দাবীত জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান অৰুণাচল আগ্ৰাসন প্ৰতিৰোধ সমিতিৰ

বিহালীঃ ৰাজ্যৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টি বিহালীৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চল হিচাপে খ্যাত বিহালী সংৰক্ষিত বনাঞ্চলত দীৰ্ঘদিন ধৰি একাংশ অৰুণাচলী দুষ্কৃতিকাৰীয়ে শ শ বিঘা বনাঞ্চল ধ্বংস কৰি আগ্ৰাসন অব্যাহত ৰাখি বিভিন্ন ধৰণৰ খেতি, ঘৰ-দুৱাৰ, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান নিৰ্মাণ কৰি আহিছে।
এই সমগ্ৰ বিষয়টো দেখি-শুনিও চকু মুদা কুলিৰ ভাও ধৰি আছে অসম চৰকাৰ তথা জিলা প্ৰশাসন। যাৰ ফলত দিনক দিনে অৰুণাচলী দুষ্কৃতিকাৰীয়ে আৰু অধিক আগ্ৰাসী হৈ পৰা পৰিলক্ষিত হৈছে। চৰকাৰ তথা বিয়াগোম বন বিভাগে বনাঞ্চল তথা অসমৰ ভূমি ৰক্ষাত ব্যৰ্থ হোৱাৰ বাবেই ২০১৪ চনত অসমৰ ৰাইজে সীমান্তত মানৱ বেৰা নিৰ্মাণেৰে অৰুণাচলীৰ আগ্ৰাসন প্ৰতিৰোধ কৰিবলৈ সীমান্তত অৱস্থান কৰিছিল আৰু সেই সময়তে অৰুণাচলৰ একাংশ দুষ্কৃতিকাৰীয়ে সীমান্ত প্ৰহৰীৰ ১৫ জন অসমীয়াক নিৰ্বিচাৰে গুলিয়াই হত্যা কৰি সমগ্ৰ দেশ জোকাৰি যোৱা চাউলধোৱা গণহত্যা সংঘটিত সংঘটিত কৰিছিল।
অসম চৰকাৰৰ এটা বিয়াগোম বন বিভাগ থকাৰ পাছতো অসমৰ ভূমি অৰুণাচলীৰ আগ্ৰাসনৰপৰা ৰোধ কৰিব নোৱাৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে অৰুণাচল আগ্ৰাসন প্ৰতিৰোধ সমিতিয়ে। ইফালে মাত্ৰ ১৫ দিনৰ আগতে একাংশ অৰুণাচলী দুষ্কৃতিকাৰীয়ে সংৰক্ষিত বনাঞ্চলখনৰ নাহৰজান অঞ্চলত প্ৰায় ১০ হেক্টৰতকৈ অধিক ভূমি মুকলি কৰি খেতি কৰিবলৈ যো-জা চলাইছে।
অৰুণাচল আগ্ৰাসন প্ৰতিৰোধ সমিতিৰ কাৰ্যকৰী সম্পাদক অনন্ত হাজৰিকা, সম্পাদক প্ৰাঞ্জল কুটুম, কাৰ্যকৰী সদস্য দিনেশ বসুমতাৰী আৰু কাৰ্যকৰী সদস্য ক্ষীৰদ বসুমতাৰীয়ে স্বাক্ষৰিত স্মাৰক-পত্ৰখনত নাহৰজান অঞ্চলত হোৱা অৰুণাচলীৰ আগ্ৰাসন বন্ধ কৰা, প্ৰস্তাৱিত চাউলধোৱা, বগীজুলি আৰু ৰামঘাটৰ বন নিৰাপত্তা শিবিৰ অতি শীঘ্ৰেই স্থাপন কৰা আৰু অসম-অৰুণাচল সীমান্তত মানৱ বেৰা নিৰ্মাণ কৰি অসম-অৰুণাচলৰ সীমা সমস্যা স্থায়ীভাৱে সমাধান কৰাৰ দাবীত বিশ্বনাথ জিলা উপায়ুক্তক দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰে।