
বিহালীঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ শীঘ্ৰে গৃহীত কৰা হ'ব বুলি শিলচৰত মন্তব্য় প্ৰকাশ কৰাৰ পাছতেই উত্তাল হৈ পৰিছে ৰাজ্য৷
ইয়াৰ সমান্তৰালভাৱে, বিহালীতো জাতীয়তাবাদী দল-সংগঠনে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ৷ শনিবাৰে বিহালীৰ বৰগাঙৰ ৰাজপথত ছাত্ৰ মুক্তি, কৃষক মুক্তি সংগ্ৰাম সমিতি, অনুসূচিত জাতি ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদকে আদি কৰি কেইবাটাও জাতীয়তাবাদী সংগঠনৰ প্ৰতিনিধিয়ে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ|
প্ৰতিবাদকাৰীসকলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ।
প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোডী গ' বেক, সৰ্বানন্দ সোণোৱাল গ' বেক, সৰ্বানন্দ সোণোৱাল বেইমান, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি শ্ল'গানৰে বৰগাঙৰ ৰাজপথ উত্তাল কৰি তোলে।