
বিহালীঃ সমগ্ৰ ৰাজ্যজুৰি চলি থকা বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে অসমীয়া জাতিৰ প্ৰতিবাদক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়া সংসদীয় কমিটিৰ অনুমোদন মৰ্মে জাতি ধ্বংসী বিধেয়কখন গৃহীত কৰি বিদেশীক ৰঙা দলিচা পাৰি আদৰিবলৈ চলোৱা প্ৰস্তুতিক তীব্ৰ বিৰোধিতা কৰি আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সোমবাৰে মোনাবাৰী চাহ বাগিছাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
অসম মজদুৰ চাহ শ্ৰমিক সংঘৰ প্ৰায় দুই হাজাৰৰো অধিক সমৰ্থকৰ উপস্থিতিত মোনাবাৰী হাইস্কুল খেলপথাৰৰপৰা সমদল কৰি মোনাবাৰী চেন্টাৰ হৈ পুনৰ হাইস্কুল খেলপথাৰত সংগঠনটোৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাতিদ্ৰোহী আখ্যা দি চাহ জনগোষ্ঠীক জনজাতিকৰণ আৰু বিধেয়কখনৰ বিৰোধিতাৰে সংগঠনটোৱে নৰেন্দ্ৰ মোদী হায় হায়, সোণোৱাল চৰকাৰ হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক, চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰক, আদিবাসী সকলক ভাগ ভাগ কৰা নচলিব, আদি শ্ল’গানৰ লগতে বিজেপি চৰকাৰক তীব্ৰ তুলা-ধুনা দিয়ে।
অসম মজদুৰ চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ জিলা সমিতিৰ জ্যেষ্ঠ সংগঠক কমল বিভাৰে কয় যে, প্ৰয়োজন সাপক্ষে অসমীয়া জাতিৰ হকে প্ৰাণ বিসৰ্জন দিয়া হ’ব তথাপিও জাতি ধ্বংসী বিল মানি লোৱা নহ’ব। তেওঁ স্পষ্ট ভাষাৰে কয় যে চাহ জনগোষ্ঠীক জনজাতিকৰণৰ নামত প্ৰতাৰণা নকৰি আৰু আদিবাসী সকলক ভাগ ভাগ নকৰি অতি শীঘ্ৰেই আদিবাসী সকলক জনজাতিকৰণ কৰক চৰকাৰে। অসমৰ শ-শ খিলঞ্জীয়ালোকে এতিয়াও বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে, এই ক্ষেত্ৰত চৰকাৰখনে গুৰুত্ব আৰোপ নকৰি বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনত হিন্দু-বাংলাদেশীক সংস্থাপন দিব বিচৰাটো অতি দুৰ্ভাগ্যজনক কথা। এইয়া আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ বাবে বৃহৎ ভোট বেংক বনোৱাৰ প্ৰস্তুতি বুলি উল্লেখ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।
আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত সমাজকৰ্মী সৰস্বতী ৰাজবংশী, ৰমেশ নায়ৰ, শ্যাম মাহাৰ, সুভাষ কেওট, সুজিত টংলা, অজিত বিভাৰকে ধৰি মহিলা কমিটি, মোনাবাৰী এ চি এম এছ, বিহপুখুৰী এ চি এম এছ, লাহৰী জান এ চি এম এছ, নিউ লাইন এ চি এম এছৰ সমুহ বিষয়-ববীয়াৰ লগতে বৃহত্তৰ মোনাবাৰী চাহ বাগিছাৰ চাহ জনগোষ্ঠীয় ৰাইজে অংশগ্ৰহণ কৰে।