
বিহালীঃ সমগ্ৰ ৰাজ্যজুৰি চলি থকা বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে অসমীয়া জাতিৰ প্ৰতিবাদক অংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়া সংসদীয় কমিটীৰ অনুমোদন মৰ্মে জাতি ধ্বংসী বিধেয়কখন গৃহীত কৰি বিদেশীক ৰঙা দলিচা পাৰি আদৰিবলৈ চলোৱা প্ৰস্তুতিক তীব্ৰ বিৰোধিতা কৰি, বিশ্বনাথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদে।
পৰিষদৰ অৰ্ধশতাধিক সদস্যৰ উপস্থিতিত বিশ্বনাথ চাৰিআলি নগৰৰ মাজ মজিয়াত দিনৰ ১১ বজাত সংগঠনটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি বিধেয়কখনৰ বিৰোধিতাৰে সংগঠনটোৱে নৰেন্দ্ৰ মোদী হায় হায়, সোণোৱাল চৰকাৰ হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক আদি শ্ল’গানৰ লগতে বি জে পি চৰকাৰক তীব্ৰ তুলা ধুনা দিয়ে।
সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি আব্দুল হাকিম চিকদাৰে কয় যে, প্ৰয়োজন সাপক্ষে অসমীয়া জাতিৰ হকে প্ৰাণ বিসৰ্জন দিয়া হ’ব তথাপিও জাতি ধ্বংসী বিল মানি লোৱা নহ’ব।
তেওঁ স্পষ্ট ভাষাৰে কয় যে অসমীয়া জাতিৰ আবেগ অনুভূতিৰ লগত খেলা নকৰি ৰাজ্যৰ অন্যান্য সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বি জে পি চৰকাৰে গুৰুত্ব প্ৰদান কৰক। ইফালে সাধাৰণ সম্পাদক নাজিৰ আহমেদে সৰ্বানন্দ সোণোৱালক জাতীয় নায়ক নহয়, প্ৰকৃততে তেওঁ এজন অসমীয়া জাতিৰ খলনায়ক হে, বুলি উল্লেখ কৰি তীব্ৰ ভাষাৰে সমালোচনা কৰে।
লগতে সম্পাদকগৰাকীয়ে কয় যে, যদি এই বিধেয়কখন গৃহীত হয় তেন্তে অসমৰ পৰস্থিতি ভয়ংকৰ হোৱাৰ দিশত অগ্ৰসৰ হ’ব, অসমীয়াই নিজ গৃহতে নিজৰ স্বাভিমান হেৰুৱাৰ বেদনা সহ্য কৰিব নোৱাৰি শ শ অসমীয়া যুৱকে পুনৰ আন্দোলনত জঁপিয়াই পৰিব, দেশ মাতৃক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত নিৰীহ অসমীয়াৰ তেজেৰে ৰাঙলী হৈ পৰিব আই মাতৃৰ চোতাল, বিদেশীয়ে অসমীয়াৰ তেজেৰে ফাকু খেলিব।
এনে পৰিস্থিততিৰ সন্মুখীন হোৱাৰ আগতেই ৰাজ্য চৰকাৰক বিতৰ্কিত বিলখন প্ৰত্যাহাৰৰ দাবী জনায় সাধাৰণ সম্পাদকগৰাকীয়ে। জিলা সমিতিৰ প্ৰচাৰ সম্পাদক আহমেদ আলি সাংবাদিকৰ আগত কয় যে, অসমৰ শ শ খিলঞ্জীয়া লোকে এতিয়াও বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে, এই ক্ষেত্ৰত চৰকাৰখনে গুৰুত্ব আৰোপ নকৰি বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনত হিন্দু বাংলাদেশীক সংস্থাপন দিব বিচৰাটো অতি দুৰ্ভাগ্যজনক কথা। এইয়া আগন্তুক লোকসভা নিৰ্বাচনত বি জে পিৰ বাবে বৃহৎ ভোট বেংক বনোৱাৰ প্ৰস্তুতি বুলি উল্লেখ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদে।