
বিহালীঃ বিতৰ্কিত বিল নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিভিন্ন জাতীয়-জনগোষ্ঠীয়, বুদ্ধিজীৱী, নাগৰিক সমাজে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে সোমবাৰে বিহালীৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিহালীৰ বৰগাঙ চেন্টাৰৰ মাজমজিয়াত এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
দিনৰ ১০ বজাৰপৰা ১ বজালৈকে ৰূপায়ন হোৱা এই ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা বাংলাদেশী হিন্দুয়েই হওক বা মুছলমানে হওক সকলোৱে অসম এৰি যাবই লাগিব, অসম চুক্তি ৰূপায়ন কৰক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰক আদি শ্ল’গানৰ জৰিয়তে সংগঠনটোৱে বৰগাঙৰ আকাশ-বতাহ কঁপাই তোলে।
এই প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিহালী আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি পুতুল দাস, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক মানস জ্যোতি দাস, বিহালী স্নাতক মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰমেন বৰা বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যাপক ডঃ হেমন্ত বৰা, সমাজসেৱক শুকদেৱ বৰুৱা, যুৱ ব্যৱসায়ী ফাৰুক মোল্লাকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ প্ৰাক্তন ছাত্ৰ কৰ্মীয়ে কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।
ইফালে ছাত্ৰ সন্মিলনীৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়া মতে, বুধবাৰে এই জাতি ধ্বংসী বিল নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিশ্বনাথ জিলা উপায়ুক্তক এক স্মাৰক-পত্ৰ প্ৰদান কৰিব বৰ্তমান জাতীয় নায়কৰ চৰকাৰখনক দৃষ্টিগোচৰ কৰা হ’ব বুলিও জানিব পৰা গৈছে।