বিহালীঃ বিশ্বনাথ জিলা সাহিত্য সভাৰ অন্যতম শাখা কোমোৰাকাটি চৰ-চাপৰি শাখা সাহিত্য সভাৰ প্ৰথম অভিবৰ্তন অনুষ্ঠিত হয় বাঘমাৰী স্থিত মকবুল হুছেইন এম ই মাদ্ৰাছাত। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কোমোৰাকাটি চৰ-চাপৰি শাখা সাহিত্য সভাৰ সভাপতি আমিন হুছেইনে সভাপতিত্ব কৰা মুকলি সভা খনত বিশিষ্ট অতিথি হিচাপে শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰপ্ৰসাদ শইকীয়া আৰু অসম সাহিত্য সভাৰ চৰ-চাপৰি ভাষা সাংস্কৃতিক বিকাশ উপ-সমিতিৰ কাৰ্যকৰী সভানেত্ৰী ৰমিচা বেগমে।

এই অনুষ্ঠানতে কেইবাখনো কাব্যপুথি উন্মোচন কৰা হয়। খগেন মটকৰ আশাৰ পানচৈ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, সমাজ সেৱক নুৰ চুলতানে। নুৰ হুছেইনৰ কহুৱা বনৰ এমুঠি শব্দ নামৰ কাব্যপুথিখন উন্মোচন কৰে বিশ্বনাথ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা তপন কুমাৰ ডেকাই আৰু পলস নামৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি হিৰণ্য হাজৰিকাই। 

অতিথি ৰমিচা বেগমে নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা আৰু ভাষা সাহিত্য চৰ্চাৰ ক্ষেত্ৰত নাৰীৰ অৱদান সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন  অধ্যক্ষ মেহতাবুদ্দিন আহমেদ আৰু নুৰ চুলতানেও অসমীয়া ভাষা সাহিত্য-সংস্কৃতিৰ চৰ্চা কৰিবলৈ নিজৰ বক্তব্যত সকলোকে আহবান জনাই।অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্ৰীবন্ধন উপ-সমিতিৰ কাৰ্যকৰী সভাপতি যাদৱ শৰ্মাই অসম সাহিত্য সভাৰ আজীৱন সদস্যপদ গ্ৰহণ কৰি নিজৰ জাতীয় পৰিচয় অক্ষুন্ন ৰাখিবলৈ সকলোকে আহবান জনায়। সদৌ অসম ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকীয়ে হিন্দু-মুছলিম, শিখ, জৈন আদি ধৰ্মীয় ভেদ ভাৱ পৰিহাৰ কৰি কেৱল অসমীয়া হিচাপে চিনাকী দিবলৈ  আৰু ১৯৭১চনৰ২৪মাৰ্চৰ পিছত অহা কোনো এজন বিদেশীকে ভাৰতীয় নাগৰিকত্ব নিদিবলৈ সংশ্লিষ্ট কতৃপক্ষক আহবান জনায়। 
আজিৰ অনুষ্ঠানৰ মুকলি সভাত মুখ্য  অতিথি  হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী। তেখেতে নিজৰ এক ঘণ্টা জোৰা বক্তব্যত কয় যে হিন্দু কোনোদিনেই হিন্দু ধৰ্ম নাছিল, সিন্ধু নদীৰ পাৰত গঢ়ি উঠা সভ্যতাৰ লগত জড়িত সকলো জাতি জনগোষ্ঠীকে হিন্দু বুলি কোৱা হয়। বৰ্তমান বাংলাদেশৰ কেইবাখনো জিলা, উত্তৰ বংগ, কোচবিহাৰ, পশ্চিম বঙ্গ আদি প্ৰাচীন কামৰূপৰে অংগ আছিল। তদুপৰি বৰ্ত্তমান গোৱালপৰীয়া গীত আদিত ব্যৱহৃত ভাষা গুৱালপৰীয়া ভাষা নহয়, বৰঞ্চ ই প্ৰাচীন কামৰূপীয় ভাষা হে, যিটো ভাষা বাংলাদেশৰ শ্ৰীহট্ট, ৰংপুৰ, মৈমনসিংহ আদি জিলাৰ গীতৰ লগত মিল আছে।

বৰ্তমান সময়ত অসমত বহু বেছি পৰিমাণে অসমীয়া ভাষা-সংস্কৃতিৰ চৰ্চা চৰ-চাপৰি অঞ্চলৰ অসমীয়া মুছলমানে কৰি অহাটো সত্য। কাৰণ মোৰ অধীনত বহু কেইজনে গৱেষণা কৰিছে অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত। ইয়াৰে কেইবাগৰাকীও দেশীয় সীমাৰ পৰিধি পাৰ হৈ আন্তৰাষ্ট্ৰীয় পৰ্যায়তো জিলিকি উঠিছে।