বিহালীঃ বিহালী সমষ্টিৰ অন্তৰ্গত ৰতোৱাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অকৰনীয় সেঁতুৰ দুয়োকাষে ভৰি পৰা জংঘলে ঘাইপথটোত বিপদাপন্ন  কৰি তুলিছে।

হাবি-জংঘলেৰে ভৰি পৰাত যিকোনো মহূৰ্ততে আকস্মিক দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত শনিবাৰে বিহালী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু বাঘমৰা উন্নয়ন খণ্ডৰ সহযোগত চাফাই অভিযান চলোৱা হয়।

দূৰ-দূৰণিৰ যাত্ৰীয়ে নিশা অহা-যোৱা কৰা পথটোৰ কাষৰ ঘন জংঘলৰ বাবে সন্মুখৰপৰা অহা গাড়ী-মটৰসমূহ দেখাত বাধাৰ সৃষ্টি হৈছিল। ফলত যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছিল।

আজি বিহালী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক খগেন মটকে নেতৃত্ব দিয়া কামটোত হাতত দা লৈ সাংবাদিক আৰু স্থানীয় ৰাইজৰ সৈতে চাফাই অভিযান কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে বিশ্বনাথ জিলাৰ  জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাই।

এই চাফাই অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰে বাঘমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বিশ্বজিৎ দে', বিহালী উন্নয়ন উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হবিবুৰ ৰহমান, নৱ-নিৰ্বাচিত জিনজিয়া জিলা পৰিষদৰ সদস্য অজয় দাস, জিনজিয়া জিলা পৰিষদৰ প্ৰাক্তন সদস্যা শেৱালী শৰ্মা, জিনজিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী  বিষয়া  ৰাতুল কুমাৰ দাস, বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সভাপতি নৰেন বৰা, বিহালী প্ৰেছ ক্লাবৰ সভাপতি বীৰেন্দ্ৰ নাথ গোস্বামী, প্ৰাক্তন সভাপতি ভুৱন লুইটেলকে ধৰি প্ৰায় অৰ্দ্ধ শতাধিক লোকে।

বিহালী প্ৰেছ ক্লাবে সময়ে সময়ে এনেধৰণৰ জনহিতকৰ কাৰ্য ৰূপায়ণ কৰি অহাত স্থানীয় লোকে শলাগ লৈছে।