ডিজিটেল ডেস্কঃ প্ৰকৃতিয়ে ধাৰণ কৰিছে ৰুদ্ৰমূৰ্তি। দেশৰ বিভিন্ন অঞ্চলত উৎকট গৰমে দহাৰ বিপৰীতে ক’ৰবাত আকৌ ধুমুহাই তচনচ কৰিছে বৃহৎ অঞ্চল। ধুমুহা বৰষুনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বিহাৰত৷ দেওবাৰে হোৱা প্ৰচণ্ড ধুমুহাৰ ফলত ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ২৭ গৰাকী লোকৰ মৃত্যু হৈছে৷ 

ৰাজ্যখনৰ ভাগলপুৰ, হাজীপুৰ, চপৰা আদিকে ধৰি বিভিন্ন অঞ্চলত কালমূৰ্তি ধাৰণ কৰিছে ধুমুহাই৷ বিহাৰৰ বাদেও মধ্য প্ৰদেশত ব্ৰজপাত পৰাৰ ফলত ৩ গৰাকী লোকৰ মৃত্যু হৈছে৷ উল্লেখযোগ্য যে বিহাৰ, চণ্ডিগড়, পাঞ্জাৱত সলনি হৈছে বতৰ৷ উৎকট গৰমৰ পিছত বৰষুণে সকাহ দিছে এই ৰাজ্যসমুহক৷ আনহাতে ৰাজস্থানত একেই আছে বতৰ৷ 

বিগত ২৪ ঘন্টাত ৰাজ্যখনৰ গংগা নগৰত ৪৮ ডিগ্ৰী চেলছিয়াছ উষ্ণতাই দহিছে অঞ্চলবাসীক৷ ৰাজধানী দিল্লীতো দুদিন ধৰি হোৱা বৰষুণে সকাহ দিছে দিল্লীবাসীক৷