
বিহগুৰিঃ শোণিতপুৰৰ বিভিন্ন প্ৰান্তত অবৈধ সুৰাৰ অবাধ প্ৰচলনে পুনৰবাৰ উদঙাই দিছে আৱকাৰী বিভাগৰ দায়িত্বহীনতা। এচাম সমাজ বিৰোধী লোকে জিলা আবকাৰী বিভাগ কিম্বা জিলা প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই সম্পূৰ্ণ অবৈধভাৱে সুৰাৰ ব্যৱসায় চলাই থকাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
উল্লেখ্যে যে ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বেলশিৰিস্থিত হোটেল পাঞ্জাৱৰ দিশে এখোজ আগুৱাই গৈ বিদ্যালয়ৰ সন্মুখতে অবৈধ সুৰাৰ বেহা চলাই আহিছে যদিও সকলোবোৰ দেখি শুনিও ধৃতৰাষ্ট্ৰৰ ভাও দি আহিছে জিলা আৱকাৰী বিভাগ তথা স্থানীয় ৰাজহ চক্ৰ বিষয়া লিজা তালুকদাৰে।
স্থানীয় সচেতন মহলে ৰাজহ চক্ৰ বিষয়াগৰাকীক হোটেল পাঞ্জাৱত চলি থকা অবৈধ সুৰাৰ বেহাৰ কথা জনোৱাত যোৱা ১১ জুলাইত এক অভিযান চলাই অবৈধ সুৰাসহ হোটেল পাঞ্জাৱৰ মালিকৰ পুত্ৰক আটক কৰে যদিও বিদ্যালয়ৰ সন্মূখত অবৈধ সুৰাৰ ব্যৱসায় চলাই যোৱা অপৰাধ সন্দৰ্ভত কোনো এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল।
ফলত বিদ্যালয়ৰ সন্মুখতে আকৌ অবৈধ সুৰাৰ ব্যৱসায় চলাই যোৱা পৰিলক্ষিত হৈছে। ৰাজহ চক্ৰ বিষয়া লিজা তালুকদাৰৰ লগত গোপন বুজা-বুজি নে বিষয়াগৰাকীৰ কোনো দুৰ্বলতা আছে সেই লৈ স্থানীয় সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অানহাতে জিলা আবকাৰী বুলি কিবা এটা বিভাগ যে আছে তাকলৈও ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয়নো ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কোনো ধৰণৰ সুৰাৰ ব্যৱসায় চলাই যাব নোৱাৰে বুলি নিষিদ্ধ কৰাৰ পাছতো বিদ্যালয় আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অবৈধ সুৰাৰ ব্যৱসায় চলাই যাবলৈ সমৰ্থ হোৱাত স্থানীয় সচেতন মহলে জিলা আবকাৰী বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে।