নগাঁওঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ থকা ব’হাগী উৎসৱত বিহু দলসমূহে উপস্থিত হোৱাৰ সময়ক লৈ নগঞা সংস্কৃতিপ্ৰেমীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে৷ একাংশ লোকে ক্ষোভিতও হৈ পৰে৷ ব’হাগ মাহটোত জিলাখনৰ ভিন্ন প্ৰান্তত পৃথকে পৃথকে অনুষ্ঠিত হোৱা ব’হাগী উৎসৱত নানা কাৰ্যসূচীৰ লগতে বিহু দলৰ বিহুকুঁৱৰী আৰু বিহুকন্যাকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ 

সেয়ে বিভিন্ন প্ৰান্তৰ বিহু দলবোৰৰ বিহু নৃত্য উপভোগ কৰিবৰ বাবে দৰ্শকসকলে সন্ধিয়াৰে পৰা বিহুতলীত ভিৰ কৰে যদিও দলসমূহে আশ্চৰ্যজনকভাৱে নিশা দুই বজালৈকে উপস্থিত নোহোৱাত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা যায়৷

নগদ ধন আৰু বঁটা প্ৰদানৰ ব্যৱস্থাৰে আয়োজন কৰা প্ৰতিযোগিতাত বহু বিহু দলৰ পৰা অংশগ্ৰহনৰ প্ৰতিশ্ৰুতি দিয়ে উদ্যোক্তাত৷ সমিতিবোৰে আগতীয়াকৈ সময় থিক কৰি লোৱাৰ হেতুকে বিহুনৃত্য প্ৰতিযোগিতাৰ বাদে আন কোনো ধৰণৰ কাৰ্যসূচী নিশাৰ ভাগত নাৰাখে৷ কাজেই, বিহু দলবোৰে নিশালৈ ২ বজালৈ উপস্থিত নোহোৱাত স্বাভাবিকতেই আয়োজক সমিতিবোৰ বিপাঙত পৰিবলগীয়া হয়৷

এনে পৰিস্থিতিত উদযাপন সমিতিবোৰে উপায় নাপাই উপস্থিত দৰ্শকক সন্তুষ্ট কৰিবৰ বাবে ততাতৈয়াকৈ আধুনিক নৃত্য, কৌতুক, মুকাভিনয়, কবিতা আবৃত্তি আদিৰ ব্যৱস্থা কৰিবলৈ বাধ্য হয়৷ আনকি, কেইবাখনো বিহু মঞ্চত উদযাপন সমিতিৰ বিষয়-ববীয়া আৰু বিচাৰকসকলে বিহুগীত আৰু কৌতুক পৰিবেশনেৰে সময় পাৰ কৰা বুলিও জানিব পৰা গৈছে৷

ইফালে, ২ বজাৰ পিছৰে পৰা কিন্তু বিহুতলীবোৰত বিহুদলসমূহ আহিবলৈ ধৰে আৰু পিছদিনা পুৱা পোহৰ নোহোৱালৈকে বিহুনৃত্য প্ৰদৰ্শন কৰে৷ সেয়ে, বিহুদলবোৰৰ এনে কাণ্ডজ্ঞানহীন কাৰ্যত দৰ্শক ৰাইজ ক্ষোভিত হৈ পৰাৰ লগতে ভৱিষ্যতে সময়ৰ প্ৰতি ধ্যান দি প্ৰতিযোগিতাত ভাগ ল’বৰ বাবে দলসমূহক সংস্কৃতিপ্ৰেমী-সচেতনমহলে সকীয়াই দিয়ে৷