
গুৱাহাটীঃ অৱশেষত মালিকক বুঢ়া আঙুলি দেখুৱাই বিজয় উসৱ পালন কৰিলে দৰিদ্ৰ শ্ৰমিকে৷ প্ৰায় ২ মাহ ধৰি নেৰা-নেপেৰা আন্দোলনৰ অন্তত বিজয় উসৱ পালন কৰিলে বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ বৰগাওঁ(নিউ কেটলা)চাহ বাগিচাৰ শ্ৰমিকসকলে৷ যোৱা দুমাহ ধৰি শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল বাগিচা খনৰ মালিকৰ বিৰুদ্ধে৷ বাগিচা খনত কৰ্মৰত শ্ৰমিকসকলে বিভিন্ন সা-সুবিধা নোপোৱাত ক্ষোভিত হৈ মালিকৰ পৰা সা-সুবিধা বিচাৰি প্ৰথমে আবেদন কৰিছিল৷
এম্বুলেঞ্চ, বিশুদ্ধ পানী, নাৰ্চ, দৰমহা বৃদ্ধি, শুকান খৰি আদি বিছাৰি আবেদন-নিবেদন কৰাৰ লগতে প্ৰতিবাদো কৰিছিল৷ এম্বুলেঞ্চ, বিশুদ্ধ পানী, নাৰ্চ, দৰমহা বৃদ্ধি, শুকান খৰি আদি বিচৰাৰ অপৰাধত মালিক ৰাজীৱ প্ৰিন্সাই বাগিচাখন লক আউট কৰি দিয়ে৷ বাগিচা খনত তলা ওলোমাই দিয়াত শ্ৰমিকসকলে হাহাকাৰ কৰিব লগা হয়৷ এদিন হাজিৰা নকৰিলে এসাজ ভাত খাব নোপোৱা শ্ৰমিকসকলে প্ৰতিবাদ কৰিব লগা হয়৷
যোৱা দুমাহ ধৰি প্ৰতিবাদ সাব্যস্ত কৰি দাবী জনাইছিল বাগিচা খনৰ তলা খুলি দিয়াৰ বাবে৷ শ্ৰমিকসকল কৰ্মহীন হৈ পৰাত পৰিয়াল চলাব নোৱোৰা হৈ পৰে৷ লঘোণে-ভোকে সময় পাৰ কৰা শ্ৰমিকক ন্যায় দিবলৈ প্ৰশাসন তথা চৰকাৰ নিৰ্বিকাৰ হৈ পৰা দেখা গৈছিল৷ শ্ৰমিকৰ আন্দোলনক গুৰুত্ব প্ৰদান কৰা নাছিল চৰকাৰ, প্ৰশাসন কিম্বা বাগিচাৰ মালিকে৷ ভোকাতুৰ শ্ৰমিকসকলেও ৭১ সংখ্যক স্বাধীনতা দিবস অৰ্ধ-উলংগ হৈ পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷
দেশে ৰঙীন স্বাধীনতা দিৱস পালন কৰিছিল আনফালে অৰ্ধ-উলংগ হৈ প্ৰতিবাদ কৰিছিল শ্ৰমিকসকলে৷ অৰ্ধ উলংগ হৈ শ্ৰমিকসকল ল'ৰা-ছোৱালীৰ সৈতে হাতত কাহী-বাতি লৈ পতাকা উৰুৱায়৷ ৰাষ্ট্ৰীয় সংগীত গায় চিঞঁৰি চিঞঁৰি কৈছিল "স্বাধীনতা, আমাক ভাত লাগে, আমাক ৰুটী লাগে, আমাক কাপোৰ লাগে, আমাক কাম লাগে৷" তাৰ পাছতে খাটি খোৱা শ্ৰমিকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ গোচৰ ৰুজু কৰে প্ৰশাসনে৷
মালিকৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ শ্ৰমিকসকলে গোচৰৰ সন্মুখীন হ’ব লগা হ’য়৷ শ্ৰমিকসকলে আমাক ন্যায় দিয়াৰ পৰিৱৰ্তে প্ৰশাসনে দেশদ্ৰোহী সজাব বিছাৰিছে বুলি অভিযোগ উত্থাপন কৰ৷ তাৰ মাজতে শ্ৰমিকসকলৰ মাজলৈ আহিল সুখবৰটো৷ অৱশেষত ১৬ চেপ্তেম্বৰত বৰগাঁও চাহ বাগিচাৰ লক আউটৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিলে অসম চৰকাৰে। চাহ শ্ৰমিকৰ বাবে আৰু ট্ৰেড ইউনিয়ন আন্দোলনৰ বাবে এক বৃহৎ জয় ধৰি লব পাৰি। সোমবাৰে অসম সংগ্ৰামী চাহ-শ্ৰমিক সংঘ, চিপিআই এম-এল আৰু বিপ্লৱী যুৱ সন্থাৰ সহযোগত বৰগাঁও চাহ-বাগিছাৰ শ্ৰমিকসকলৰ ঐতিহাসিক বিজয় সমদল উলিয়ায় আনন্দিত হৈ পৰে।
বে-আইনী ভাবে দুমাহধৰি বন্ধ থকা বৰগাঁও বাগিছাৰ লক-আউট প্ৰত্যাহাৰৰ নিষেধাজ্ঞা জাৰি কৰিবলৈ বাধ্য হ'ল চৰকাৰে। যাৰ বাবে শ্ৰমিকসকলে বিজয়ী সমদল উলিযায়৷ বাগিচাৰ মালিকে চিপিআই এম-এল দলৰ লাল ঝাণ্ডাৰ ইউনিয়ন ধংস কৰাৰ বাবেই বাগিচা খনৰ লক আউট কৰা বুলি ঘোষণা কৰি চাহ শ্ৰমিক সকলে লাল ইউনিয়ন ত্যাগ কৰিলেহে লক আউট প্ৰত্যাহাৰ কৰিব বুলি ধমকি দিছিল।
অসম চৰকাৰে এই লক আউটৰ ধাৰাবাহিকতাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাত অযথা বিলম্ব কৰি চাহ শ্ৰমিক সকলক অবৰ্ননীয় দুৰ্যোগৰ ফালে দি শ্ৰমিক সকলক আত্মসমৰ্পন কৰা পৰিস্থিতিৰ সৃষ্টি কৰিছিল। আনকি উদং গাৰে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ বাবে শ্ৰমিক সকলৰ ওপৰত দেশদ্ৰোহিতাৰ গোচৰ জাপি দি শ্ৰমিকৰ মনোবল ধংস কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু চাহ শ্ৰমিক সকলৰ আপোচবিহীন দৃঢ় স্থিতিৰ সন্মুখত নতশিৰ হ'বলৈ বাধ্য হ'ল চৰকাৰখনে কিম্বা প্ৰশাসন।
শ্ৰমিকসকলক ন্যায় প্ৰদানৰ দাবীত প্ৰশাসনৰ বিৰুদ্ধে কেবাটাও দল-সংগঠনে ২৩ আগষ্টত গুৱাহাটী প্ৰেছ ক্লাৱত এখন নাগৰিক সভা অনুষ্ঠিত কৰে৷ গুৱাহাটী প্ৰেছ ক্লাৱত বিহালীৰ কেইবাগৰাকী যুৱকৰ নেতৃত্বত এখন নাগৰিক সভা অনুষ্ঠিত কৰি দল-সংগঠনে বাগিচাৰ মালিকক সকীয়াই দি শীঘ্ৰে বাগিচা খনৰ তলা খুলি দাবী জনাইছিল৷ চিপিআই (এমৰ) ৰাজ্যিক সদস্য অনন্ত হাজৰিকা, যুৱ নেতা পৰিমল গৌৰেৰ লগতে অঞ্চলটোৰ কেবাজনো যুৱক তথা সমাজ সচেতন লোকে চাহ শ্ৰমিকক সকলৰ হৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল৷যুৱ নেতা পৰিমল গৌৰে এই আন্দোলনত সহায় কৰা প্ৰতিগৰাকী লোকক ধন্যবাদ জনায়৷ এই বিজয় দৰিদ্ৰ শ্ৰমিকৰ বিজয় বুলি দাবী কৰে৷