ডিব্ৰুগড়/নলবাৰী/তুলসীবাৰী/চামগুৰি/নামতি/পাথৰিঘাটঃ বিশিষ্ট অভিনেতা, পৰিচালক বিজু ফুকনৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ সাংস্কৃতিক জগত। অসমীয়া, বঙালী আৰু বড়োকে ধৰি কমেও ৮০খন বোলছবিত অভিনয় কৰি ইতিহাস ৰচনা কৰা তথা চলচিত্ৰ জগতত অসমৰ নাম এক সন্মানীয় আসনত প্ৰতিষ্ঠা কৰা বিজু ফুকন অৱিহনে অসমৰ বোলছবি জগত কল্পনা কৰিবলৈকে টান যদিও আজি বিজু ফুকনৰ মৃত্যুৰ পিছত সেয়াই বাস্তৱ হৈ পৰিছে।

বিশিষ্ট অভিনেতা বিজু ফুকন আৰু নাই ৷ ১৯৪৭ চনৰ ১৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা বিজু ফুকনে গুৱাহাটী মহানগৰীৰ এপল’ হস্পিতালত চিকিসাধীন অৱস্থাত মৃত্যুক আকোৱালি লয়৷ মৃত্যুৰ সময়ত তেওৰ বয়স আছিল ৬৯ বছৰ৷ বিজু ফুকন অসমীয়া ছবি জগতৰ খ্যাতনামা অভিনেতা আছিল।

বহু চৰ্চিত অসমীয়া কথাছবি ডাঃ বেজবৰুৱাৰ পৰা অভিনয়ৰ জগতত পাতনি মেলা বিজু ফুকনে প্ৰায় ৮০ খন ছবিত অভিনয় কৰি অসমৰ ৰাইজৰ আপোন হৈ পৰিছিল৷ পিছত বৰুৱাৰ সংসাৰ ছবি খনত অভিনেতা হিচাপে কাম কৰি পিছলৈ উভতি চাব লগা হোৱা নাছিল ফুকনে৷ ইখনৰ পিছত সিখন জনপ্ৰিয় ছবি ৰাইজক উপহাৰ দিছিল ফুকনে। বহু ছবিত নায়কৰ ৰূপত অভিনয় কৰি এগৰাকী জনপ্ৰিয় অভিনেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ফুকনে৷

NNO ডিব্ৰুগড়ঃ বিশিষ্ট অভিনেতা বিজু ফুকন মৃত্যুত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় সভাপতি দেৱজিৎ দও, ডিব্ৰুগড় জিলা সংখ্যালঘু ছাত্র ইউনিয়নৰ উপদেষ্টা ছফিৰ অালম খান, সভাপতি ইমতিয়াজ অালি, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি প্ৰিয়ব্ৰত গোহাঁই, সাংগঠনিক সম্পাদক উদয়ন বৰুৱাই গভীৰ শোক প্ৰকাশ কৰা লগতে তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰে৷ ডিব্ৰুগড় জিলা সংখ্যালঘু ছাত্র ইউনিয়নৰ উপদেষ্টা ছফিৰ অালম খানে বিজু ফুকনৰ মৃত্যু অসমীয়া বোলছবি জগতৰ ববাে ক্ষতি বুলি কয়৷

NNO নলবাৰীঃ বিশিষ্ট অভিনেতা বিজু ফুকনৰ মৃত্যুত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, আছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিমান বৰ্মন, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজৌতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰুবুল বৰ্মন, সাধাৰণ সম্পাদক নিলকমল বৰ্মন, আছু নেতা শশাংক দত্ত, ভবজিত বেজবৰুৱা, অসম উন্নতি সভাৰ নেতা সুকুমাৰ শৰ্মা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জিলা সাধাৰণ সম্পাদক গৌতম কুমাৰ শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি ডাঃ বিপিন কলিতা, সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ গোবিন্দ কলিতা, নলবাৰী হৰিমন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নগেন ডেকা, নলবাৰী ক্ৰীড়া সন্থাৰ সম্পাদক মনোজ কুমাৰ চৌধুৰী, নলবাৰী জিলা অগপৰ সাধাৰণ সম্পাদক কেশৱ ডেকা, নলবাৰী আৰ্ট স্কুল কৰ্তৃপক্ষ ,নলবাৰী জিলা সাংবাদিক সন্থাৰ প্ৰধান সম্পাদক ৰমেন কলিতা, সম্পাদক বসন্ত দাস, দেশ প্ৰাণ নগেন শৰ্মা স্মাৰক ন্যাসৰ নেতৃত্ব,পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ নেতৃত্ব, আদিকে ধৰি বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰে৷

NNO নামতিঃ বহু চৰ্চিত অসমীয়া কথাছবি ডাঃ বেজবৰুৱাৰ পৰা অভিনয়ৰ জগতত পাতনি মেলা অসমীয়া ছবি জগতৰ খ্যাতনামা অভিনেতা বিজু ফুকনৰ মৃত্যুত শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলত শোঁকৰ ছাঁ পৰে। নামতি প্রেছ গীল্ডৰ সম্পাদক ৰাতুল শর্মা আৰু সহকাৰী সম্পাদক জিয়াৰুদ্দিন আহমেদে ১৯৪৭ চনৰ ১৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা অভিনেতা জনে প্ৰায় ৮০ খন ছবিৰ লগতে দূৰদৰ্শনৰ বিভিন্ন ধাৰাবাহিকতো অভিনয় কৰি অসমৰ সাংস্কৃতিক জগতখনক চহকী কৰাৰ লগতে ৰাইজৰ আপোন পৰিছিল বুলি কয়। তেওঁৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰে। আনহাতে নামতি আঞ্চলিক ছাত্র সন্থা, বৰ অসম প্রজা পৰিষদ, নামতি আঞ্চলিক সংখ্যালঘু ছাত্র ইউনিয়ন, টাই আহোম ছাত্র সন্থাৰ বৰুৱা পুখুৰী আৰু দিকচু আঞ্চলিক সমিতি, নামতি চাৰি আলি সন্মিলিত মুছলিম যুৱ সমাজ, নামতি ছহীদ পিয়লি ফুকন মহাবিদ্যালয়, নামতি চাৰি আলি জাতীয় বিদ্যা নিকেতন, নিলাক্ষী মেমৰিয়েল একাডেমী, লগতে বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্রতিষ্ঠানে গভীৰ শোক প্রকাশ কৰে৷

NNO পাথৰিঘাটঃ পাথৰিঘাটৰ সামাজিক সাংস্কৃতিক সমন্বয়ৰক্ষী গোষ্ঠী,অসমৰ শিল্পীসকলে অসমৰ প্ৰসিদ্ধ অভিনেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সমগ্র অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে। মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সামাজিক-সাংস্কৃতিক সমন্বয়ৰক্ষী গোষ্ঠীয়ে তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ উপৰিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গোষ্ঠীৰ সচিৱ জ্যোতিপ্ৰসাদ ডেকাই বিৰল প্ৰতিভাৰ অধিকাৰী অভিনেতাগৰাকীৰ বিয়োগত ৰাজ্যৰ সংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি কয়। আনহাতে বিশিষ্ট অভিনেতা বিজু ফুকনৰ মৃত্যুত দেওমৰনৈ সাংবাদিক সন্থাই গভীৰ শোক প্ৰকাশ কৰে।

NNO তুলসীবাৰীঃ অসমৰ কথাছবি জগতৰ উজ্জ্বল নক্ষত্ৰ জনপ্ৰিয় অভিনেতা বিজু ফুকনৰ মহাপ্ৰস্থানত কলিতা জনগোষ্ঠী সন্মিলন-অসমে গভীৰ শোক প্ৰকাশ কৰে৷ এক শোকবাৰ্তা যোগে সংগঠনটোৰ সম্পাদক ডাঃ ৰমেন কুমাৰ কাকতিয়ে প্ৰথিতযশা শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যৰ কলা অনুৰাগীয়ে এজন সঁচা শিল্পী হেৰুৱালে বুলি মত ব্যক্ত কৰি আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈও সমবেদনা জ্ঞাপন কৰে৷

NNO চামগুৰিঃ অসমৰ সাংস্কৃতিক জগতৰ ভোটা তৰা স্বৰূপ বিশিষ্ট অভিনেতা বিজু ফুকনৰ মৃত্যুত পুৰণিগুদাম প্ৰেছ ক্লাৱে গভীৰ শোক প্ৰকাশ কৰিছে৷ এক শোক বাৰ্তাত পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি তপন কটকী আৰু সম্পাদক দিব্যজ্যোতি ভূঞাই বিজু ফুকনৰ মৃত্যু অসমীয়া সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি কয়৷ অসমীয়া চলচিত্ৰ জগতলৈ উল্লেখনীয় বৰঙণি আগবঢ়োৱা যশস্বী অভিনেতাগৰাকীয়ে বহুকেইখন অসমীয়া ছবিত অনবদ্য অভিনয়ৰে অসমবাসীৰ মনত সাঁচ বহুৱাই থৈ গৈছে৷পুৰণিগুদাম প্ৰেছ ক্লাৱে চিৰসেউজ অভিনেতাজনৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷