
বেজেৰাঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ বেজেৰা আঞ্চলিক কলেজৰ সমীপত এক পথদুৰ্ঘটনা সংঘটিত হয়৷ ফলত এজন চাইকেল আৰোহী গুৰুত্বৰ ভাৱে আহত হয়।
ঘটনাৰ বিৱৰণী অনুসৰি শালমাৰা গাঁৱৰ নন্দেশ্বৰ ডেকা (৩৮) নামৰ লোক জনে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে চাইকেলেৰে নিজ ঘৰলৈ গৈ আছিল৷ তেনে অৱস্থাত পিছফালৰ পৰা এজন কলেজিয়া ছাত্ৰই এএছ-২৫জি-৪২১৩ নম্বৰৰ মটৰ চাইকেল খনেৰে খুন্দা মাৰাত চাইকেল আৰোহীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷
পিছত স্থানীয় ৰাইজৰ সহযোগত ব্যক্তিজনক সংকটজনক অৱস্থাত বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়া হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।