পাথৰিঘাটঃ দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ দুনী চ'কত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ জানিব পৰা মতে, এখন বালি কঢ়িওৱা মিনি ট্ৰাকে নিয়ন্ত্ৰন হেৰুৱাই এজন বাইক আৰোহীক পিছফালৰ পৰা খুন্দা মাৰে৷ ফলত বাইক আৰোহীজন গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়৷

অঞ্চলটোৰ ৰাইজে আঘাতপ্ৰাপ্ত বাইক আৰোহীজনক মঙলদৈ চিকিৎসালয়ত ভৰ্তি কৰে৷ দুৰ্ঘটনা পতিত হোৱা বাইক খনৰ নম্বৰ AS-13G-2528 আৰু ট্ৰাকখনৰ নম্বৰ AS-07C-5767 বুলি জানিব পৰা গৈছে৷