17
Jan
2019

জালাহঃ বজালীৰ পাঠশালা আৰক্ষী চকীৰ অন্তৰ্গত ভোটান্ত মহিতৰাত (কাহাৰপাৰা) আজি দুপৰীয়া সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়।
জানিব পৰা মতে টিহু কনিমৰা নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা পশ্চিম ৰিহাবাৰী নিবাসী সুৰেন বসুমতাৰীয়ে (৪৮ বছৰ) নিজ বিদ্যালয়ৰপৰা নিজৰ মটৰচাইকেলেৰে (AS 28 / 7240 ) ঘৰলৈ আহি থাকোতে এখন খালী মালবাহী চাৰিচকীয়া বাহনৰ ( AS 28/ 5564 ) সৈতে বজালীৰ ভোটান্ত মহিতৰাত মুখা-মুখি সংঘৰ্ষ সংঘটিত হয় আৰু বাইক আৰোহীজন থিতাতে নিহত হয় ।
মাণিকপুৰ প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ প্ৰাক্তন সদস্য তথা সমাজকৰ্মী প্ৰয়াত বসুমতাৰীয়ে মৃত্যুৰ সময়ত পত্নী, একমাত্ৰ জীয়ৰী আৰু অসংখ্য আত্মীয় স্বজনক এৰি যায় । ইতিমধ্যে মৰোণত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ বৰপেটালৈ নিয়া হৈছে । তেওঁৰ এই শোকাবহ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।