12
Sep
2017

নলবাৰীঃ নলবাৰীৰ ধমধমাত আজি দিনৰ ভাগত এক ভয়ংকৰ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰ ভাবে আহত হয় ।বাক্সা জিলাৰ বাঘমাৰাৰ বাসিন্দা তথা ব্যৱসায়ী পৱন সাউদে ধমধমাত থকা তেওঁৰ গেলামাল দোকানলৈ আহি থকাত বিপৰীত দিশৰ পৰা তীব্ৰ বেগত অহা বাইক আৰোহী চি আৰ পি এফ জোৱান এজনে খুন্দিয়াই পথৰ ওপৰতে বাগৰি পৰে।
ফলত দুয়োজনকে নলবাৰী অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চি আৰ পি এফ জোৱান সোন কলিতাক (৩৮) মৃত বুলি চিকিৎসকে ঘোষণা কৰে। ইফালে আহত পৱন সাউদক (৪০) জি এম চি এইছলৈ প্ৰেৰণ কৰে। উক্ত ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে৷