24
Sep
2017

pixabay
লংকাঃ হোজাই জিলাৰ লংকাত বিগত কিছু দিনৰ পৰা মটৰ চাইকেল চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে। শনিবাৰে নিশাও হোজাই জিলাৰ লংকা থানাৰ অন্তৰ্গত নেতাজী ৰোডৰ পৰা এখন মটৰ চাইকেল চুৰি হয়৷
নিশা লংকা নেতাজী ৰোডৰ নেতাজী বিদ্যানিকেতনৰ সমীপৰ জনৈক বক্সি নামৰ লোকজনৰ ঘৰত ভাড়া থকা চক্ৰপতি মহন্ত নামৰ বেংক বিষয়া জনৰ AAS-02BA-6613 নম্বৰৰ ৰয়েল এণ্ডফিল্ড মটৰ চাইকেল খন বাসগৃহৰ তলা ভাঙি চোৰ কৰি লৈ যায়। বেংক বিষয়া জনে পিছত লংকা আৰক্ষীৰ এই বিষয়ে অৱগত কৰাত আৰক্ষীয়ে তদন্তৰ কাম আৰম্ভ কৰিছে।
উল্লেখ্য যে, যোৱা ১২ ছেপ্টেম্বৰৰ দিনা লংকা নেতাজী ৰোডৰ অপূৰ্ব দেৱ নামৰ ব্যৱসায়ী জনৰ বাসগৃহৰ পৰাও এখন মটৰ চাইকেল চোৰে চুৰ কৰি নিছিল। এই চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য চি চি কেমেৰা আৱদ্ধ হৈছিল। সেই দৃশ্য আৰক্ষীক জমা দিয়ে যদিও আৰক্ষীয়ে চোৰৰ কোনো সন্ধান উলিয়াব পৰা নাই।