
তেজপুৰঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)ই কোকোৰাঝাৰৰ পৰা শদিয়ালৈ এক মটৰ চাইকেল ৰেলী উলিয়ায়৷ আদিবাসী সকলক জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকা বৃদ্ধি কৰা, আদিবাসী ছাত্ৰ ছাত্ৰীক নিজৰ মাতৃভাষাত শিক্ষা প্ৰদান কৰা, আদিবাসী সকলক মাটিৰ পট্টা প্ৰদান কৰা আদি কেতবোৰ গুৰুত্বপূৰ্ণ দাবীৰ হকে আছাই বাইক ৰেলী আয়োজন কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷
আজি মটৰ চাইকেল ৰেলী কৰি আছাৰ দলটোৱে তেজপুৰত উপস্থিত হৈ আদালত চাৰিআলিত ধৰ্ণা কাৰ্যসূচী পালন কৰে৷ লগতে আছাৰ দলটোৱে দাবীসমূহ উত্থাপন কৰি জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷