
বিলাসীপাৰাঃ সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰাত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে লুইচ ব্ৰেইলী দিৱস পালন কৰা হয়।
কাৰ্যসূচী অনুসৰি পুৱা ১০:৩০ বজাত পতাকা উত্তোলন কৰে বিলাসীপাৰা প্ৰাথমিক শিক্ষা খণ্ড বিষয়া মনোজ কুমাৰ ফুকনে। ১০:৪৫ বজাত বন্তি প্ৰজ্জ্বলন, ১১ বজাত প্ৰতিবন্ধীসকলৰ মাজত চ'কলেট বিতৰণ, ১১:১৫ বজাত শোভাযাত্ৰা আৰু ১২ বজাত গীত-নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।
সাংস্কৃতিক অনুষ্ঠান কাৰ্যসূচীত অংশগ্ৰহণ কৰা গুঞ্জা গাংগুলী, ৰমনী ডেকা, ফিৰোজ খান, অৱনী বায়ন, মুকুল নাথ, পৰাগ নিৰ্মলীয়া আৰু বিশেষভাৱে সক্ষমসকলে নৃত্য পৰিৱেশন কৰে।
এই উপলক্ষে বিলাসীপাৰা প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত বিয়লি ২:৩০ বজাত এখন সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে বিলাসীপাৰা প্ৰাথমিক শিক্ষা খণ্ড বিষয়া মনোজ কুমাৰ ফুকনে।
সভাৰ বিশিষ্ট ব্যক্তিসকলক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়। উক্ত সভাত বিশিষ্ট অতিথি হিচাপে নায়েৰ আলগা উন্নয়ন খণ্ড বিষয়া ৰৌসন আলীয়ে লুইচ ব্ৰেইলী দিৱস উপলক্ষে বিস্তাৰিতভাৱে ভাষণ প্ৰদান কৰে।
পাছত বিভিন্ন প্ৰতিযোগিতাত বিজয়ীসকলৰ মাজত বঁটা বিতৰণ কৰা হয়। বঁটা বিতৰণ কৰে বিলাসীপাৰা মহকুমাধিপতি ৰোহন কুমাৰ ঝাই।