newsnextoneবিলাসীপাৰা,৪ অক্টোবৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰাত আজি আৰক্ষী প্ৰশাসনে ই-ৰিক্সা আটক কৰা কেন্দ্ৰ কৰি ৰাইজৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। জানিব পৰা মতে বিলাসীপাৰাত কেই দিন মান আগতে ট্ৰাফিক আৰক্ষী প্ৰশাসনে ৫২ খন ই-ৰিক্সা আটক কৰি আঢ়ৈ হাজাৰ কৈ টকা জৰিমনা আদায় কৰি এৰি দিয়ে। 
আজিও যানবাহন আৰক্ষীয়ে ২৫ খন ই-ৰিক্সা আটক কৰাত ই-ৰিক্সাৰ চালক, স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ মাজত তীব্ৰ উত্তেজনা বিৰাজ কৰে। দুখীয়া দৰিদ্ৰ মানুহবোৰে পৰিয়ালৰ পোহ পাল দিয়াৰ বাবে ধাৰ-ঋন আদি লৈ ই-ৰিক্সা ক্রয় কৰি বিলাসীপাৰা চহৰত চলাই আছে। ই-ৰিক্সাৰ মালিক বা চালক সকলক বিলাসীপাৰা আৰক্ষী প্ৰশাসনে হাৰাশাস্তি কৰাক কেন্দ্ৰ কৰি আজি বিয়লি থানা চকৰ পৰা ই-ৰিক্সা চালক, ৰাইজৰ লগতে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, এন এছ ইউ আই আদি সংগঠনে চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি আহি বিলাসীপাৰা গান্ধী চকত পথ অৱৰোধ কৰে। 


বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ নিৰ্দেশ মৰ্মে পথ অৱৰোধকাৰী দল সংগঠনক আৰক্ষীয়ে প্ৰতিবাদ সাব্যস্ত কৰাত বাধা প্ৰদান কৰে। কিন্ত প্ৰতিবাদকাৰীয়ে  ৰাইজৰ দাবী মানিবলৈ প্ৰশাসনৰ আগত বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। তেতিয়া প্ৰশাসনে প্ৰতিবাদী সকলক লাঠি চালনা কৰি খেদি পঠিয়ায়। আৰক্ষীৰ লাঠীচালনাত কেইবাগৰাকী প্ৰতিবাদকাৰী আহত হয়। আৰক্ষীৰ লাঠীচালনাত এন এছ ইউ আইৰ সভাপতি জয়নুদ্দিন সেখ আহত হয়। ছাত্ৰ নেতা গৰাকীৰ লগতে কেইবাগৰাকী ব্যক্তি আৰক্ষীৰ লাঠীচালনাত আহত হোৱা ঘটনাতোক বিভিন্ন দল সংগঠনৰ লগতে ধুবুৰী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নাজিমুল হকে চৰকাৰ তথা বিলাসীপাৰা বিলাসীপাৰা আৰক্ষী প্ৰশাসনক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। ইফালে বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া ই কয় যে এনে আন্দোলন আইন সংগত নহয়  বুলি জানিবলৈ দিয়ে।

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন