বিলাসীপাৰাঃ ভুৱা শিক্ষাগত অহৰ্তাৰ প্ৰমাণ-পত্ৰ দাখিল কৰি বিলাসীপাৰা মহকুমাৰত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে।

মহকুমাটোৰ আনন্দ নগৰ বাঙালীপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা পদত বিজয়ী ৰৌসনাৰা বেগমে ভুৱা প্ৰমাণ-পত্ৰৰে নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনয়ন-পত্ৰ দাখিল কৰিছিল বুলি অভিযোগ কৰিছে পঞ্চায়তখনৰ পৰাজিত প্ৰাৰ্থী মুৰ্শিদা বেগম আৰু আকলিমা খাতুনে।

অভিযোগ মতে মহিলাৰ বাবে সংৰক্ষিত আঞ্চলিক পঞ্চায়তৰ সদস্যা পদত এইবাৰ পঞ্চায়ত নিৰ্বাচনত বি জে পিৰ ইলা বৰ্মন, কংগ্ৰেছৰ মুৰ্শিদা বেগম আৰু নিৰ্দলীয়ৰূপে আকলিমা খাতুন, ৰেজিয়া চুলতানা আৰু ৰৌসনাৰা বেগমে মনোনয়ন-পত্র দাখিল কৰিছিল।

যোৱা ১২ ডিচেম্বৰত অনুষ্ঠিত ভোট গণনাত ৰৌসনাৰা বেগমে ১৫৫৬ টা ভোট লাভ কৰি কংগ্ৰেছৰ মুৰ্শিদা বেগমক ৩৬ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে। পৰাজিত প্ৰাৰ্থী মুৰ্শিদা বেগম আৰু আকলিমা খাতুনে অভিযোগ কৰা মতে ৰৌসনাৰাই ষ্টেট কাউন্সিল অব ছেকেণ্ডাৰী এডুকেছন দিল্লীৰপৰা দশম শ্ৰেণীত উত্তীৰ্ণৰ প্ৰমাণ-পত্ৰ মনোনয়নৰ লগত দাখিল কৰিছিল।

শনিবাৰে দুয়োগৰাকী পৰাজিত মহিলাই নিৰ্বাচনী বিষয়াৰ ওচৰত লিখিত অভিযোগ দাখিল কৰে। ইপিনে  ঘটনাত আঞ্চলিক পঞ্চায়তখনৰ একাংশ ৰাইজে বিক্ষুব্ধ হৈ পৰে। ৰাইজে ভুৱা শিক্ষাগত অহৰ্তাৰ প্ৰমাণ-পত্ৰ দাখিল কৰি নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীগৰাকী কিমান নিকা হ'ব বুলি প্ৰশ্ন কৰিছে। এই সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী কৰি প্ৰমাণ-পত্ৰ জালিয়াতিৰে নিৰ্বাচিত হোৱা প্ৰাৰ্থীগৰাকীৰ পদবী বাতিল কৰি আঞ্চলিক পঞ্চায়তখনত পুনৰ ভোটগ্ৰহণৰ দাবী তুলিছে সচেতন মহলে।