
বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অধীনস্থ ছুৱাপাতা জ্ঞান পীঠ জাতীয় বিদ্যালয়ৰ উদ্যোগত শনিবাৰে বিয়লি ছুৱাপাতা মণ্ডল বজাৰ প্ৰাঙ্গণত বিশাল শিক্ষা সজাগতা সমাবেশ অনুষ্ঠিত হয়। উক্ত সজাগতা সভাৰ সভাপতিত্বত কৰে স্থানীয় সমাজ সেৱক ইউছুফ আলী আহমেদে।
উদ্দেশ্যে ব্যাখ্যা কৰে জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ শিক্ষা সজাগতা সমাৱেশৰ মুখ্য পৃষ্ঠপোষক সাংবাদিক বেল্লাল হুছেইনে। মুখ্য অতিথি হিচাপে আমি অসমৰ জনগণ কাকতৰ কাৰ্যবাহী সম্পাদক কিৰণ কুমাৰ গগৈ দেৱে উপস্থিত থাকি ভাষন প্ৰদান কৰে। তেওঁ ভাষন প্ৰসংগত কয় যে চৰাঞ্চলৰ মানুহে প্ৰকৃত অসমীয়া। তেওঁ আৰু কয় যে চৰাঞ্চলৰ মানুহে সচেতন হ'লেহে সচেতন সমাজ গঢ়ি উঠিব।
সভাত প্ৰতিবিম্ব কাকতৰ সাধাৰণ সম্পাদক তৌফিক উদ্দিন আহমেদে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি শিক্ষাৰ সজাগতা উপলক্ষে ভাষন প্ৰদান কৰি সভায় উপস্থিত থকা ৰাইজক অৱগত কৰে। সভাত বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ আয়ুব উদ্দিন আহমেদে উপস্থিত থাকি শিক্ষাৰ গুৰুত্বপুৰ্ণ বিষয় সম্পৰ্কে ভাষন প্ৰদান কৰে।
আনহাতে, সভাত উপস্থিত থকা আমন্ত্ৰিত অতিথি, বিশিষ্ট অতিথিৰ লগতে সাংবাদিক, সমাজ সেৱক, স্থানীয় মুৰব্বী আৰু উদ্যোগতা সকলক ফুলাম গামোচা, শৰাই আৰু জাপি আদিৰে সম্বৰ্দ্ধনা জনোৱা হয়। উক্ত বিশাল সজাগতা সভাত কাজাইকাটা ছুৱাপাতা গাঁৱ পঞ্চায়তৰ নৱ-নিৰ্বাচিত সভাপতি হুৰমুজ আলী, কাউন্সিলাৰ বিউটি জেছমিনা বেগম, কণ কণ শিশুকে ধৰি সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। ইফালে, ২৬ জানুৱাৰী উপলক্ষে ছুৱাপাতা জ্ঞান পীঠ জাতীয় বিদ্যালয়ৰ উদ্যোগত চাৰি দিনীয়া খেল ধেমালি অনুষ্ঠিত হয়। লগেত, উক্ত খেল ধেমালিত বিজয়ী হোৱা ছাত্ৰ ছাত্ৰীৰ মাজত বঁটা বিতৰণ কৰা হয়।