
বিলাসীপাৰাঃ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ফলিমাৰী বাঙালডোবা সাপ্তাহিক বজাৰত দিনে-নিশাই জুৱা খেল চলি থকাত অঞ্চলটোত একপ্ৰকাৰ উপদ্ৰৱত সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
এনে জুৱা উপদ্ৰৱ সৃষ্টি হোৱা অঞ্চলটোত নৱ-প্ৰজন্মৰ ভৱিষ্যত আন্ধাৰ হৈ পৰাৰ শংকা আহি পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আমছুৰ ফলিমাৰী আঞ্চলিক সমিতিৰ নেতা-কৰ্মীৰ দল এটাই যোৱা ২৬ ডিচেম্বৰত বাঙালডোবা সাপ্তাহিক বজাৰত উপস্থিত হৈ জুৱা খেল বন্ধ কৰি ঘৰলৈ উভতি যায় যদিও আমছুৰ ফলিমাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ছুৱাহান আলী আৰু আমছুৰ কৰ্মী মোবাৰক আলীক জুৱাৰীসকলৰ ১৫-১৬ জনীয়া দল এটাই আগভেটি ধৰি মাৰ-পিট কৰে।
চোকা অস্ত্ৰৰে আঘাত কৰাত কৰ্মী দুয়োজনে চিঞৰ-বাখৰ কৰাত স্হানীয় ৰাইজ ঘটনাস্হলিত উপস্থিত হোৱাত জুৱাৰীৰ দলটো পলায়ন কৰাত আমছুৰ কৰ্মী দুজনৰ প্ৰাণ ৰক্ষা পৰে।
এই সন্দৰ্ভত আমছুয়ে চাপৰ থানাত এজাহাৰ দাখিল কৰিছে। দোষীক কৰায়ত্ব কৰি জে’ল হাজতলৈ প্ৰেৰণ কৰাৰ দাবী জনায়। অন্যথা গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিয়ে সংগঠনটোৱে।