♦ নাগৰিকত্ব সংশোধনী বিল ২০১৬ বাতিলৰ দাবী 

বিলাসীপাৰাঃ ৰাজ্যজুৰি জাতিধবংসী  নাগৰিকত্ব সংশোধনী বিল ২০১৬ বাতিলৰ দাবীত আন্দোলন চলি থকা সময়তে এই বিধেয়কৰ বিৰুদ্ধে দেওবাৰে বিলাসীপাৰা শাখা সাহিত্য সভা ভৱনত প্ৰবীন শিক্ষাবিদ আযুব উদ্দিন আহমেদৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।

উক্ত সভাতে বিলাসীপাৰা শাখা সাহিত্য সভাৰ নেতৃত্বত দল সংগঠনৰ লগতে সকলো জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত এখন প্ৰতিবাদী মঞ্চ গঠন কৰা হয়। এই প্ৰতিবাদী মঞ্চই অহা ৩০ জানুৱাৰীত বিলাসীপাৰাত সকলো জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে।

উক্ত কাৰ্যসূচীত সকলো জনগোষ্ঠীয় দল-সংগঠন ভাষা-ভাষিক জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে অংশগ্ৰহণ কৰিবলৈ প্ৰতিবাদী মঞ্চই আহ্বান জনায়। উক্ত দিনাই এই প্ৰতিবাদী আন্দোলনৰ জৰিয়তেই জাতিধবংসী নাগৰিকত্ব বিল বাতিল কৰাৰ বাবে ভাৰত চৰকাৰক বাধ্য কৰা হ'ব বুলি মঞ্চই দৃঢ়তা প্ৰদৰ্শন কৰে। 

এই প্ৰতিবাদী মঞ্চৰ মাজত আছে বুদ্ধিজীৱী শিক্ষাবিদ আয়ুব উদ্দিন আহমেদ, প্ৰাক্তন বিধায়ক ইউছুফ আলী আহমেদ, দেৱব্ৰত দাস, ওমেন্দ্ৰ নাথ, প্ৰবীন সাংবাদিক মোছলেম উদ্দিন আহমেদ, সঞ্জীত দাস, জীতেন শৰ্মা, সদানন্দ বৰকলিতাৰ লগতে বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীয়ে উপস্থিত থাকি প্ৰতিবাদী মঞ্চখন গঠন কৰে।