বিলাসীপাৰাঃ ৰাজ্যখনৰ দুটা পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়নৰ সোমবাৰে সফল সামৰণি পৰে। উক্ত পঞ্চায়ত নিৰ্বাচনত বিলাসীপাৰা মহকুমাৰ বিভিন্ন পঞ্চায়তৰ পৰা অগপ, কংগ্ৰেছ, বি জে পি, এ আই ইউ ডি এফৰ দলৰ লগতে দলীয় প্ৰাৰ্থীত্বৰপৰা বঞ্চিত হোৱা প্ৰাৰ্থীত্ব প্ৰত্যাশিয়ে নিৰ্দলীয় হিচাপে শ শ সমৰ্থক লৈ অন্তিম দিনা বিলাসীপাৰা মহকুমাৰ নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্র দাখিল কৰে। 

আনহাতে মনোনয়ন পত্র দাখিল কৰা কিছুমানে কংগ্ৰেছ দল ত্যাগ কৰি এ আই ইউ ডি এফ দল ত্যাগ কৰি কংগ্ৰেছ বা অগপত যোগদান কৰি প্ৰাৰ্থীত্ব লাভ কৰি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হয়। তাৰ জলন্ত উদাহৰণ পানবাৰীৰ এ আই ইউ ডি এফৰ হাই প্ৰফাইল জিলা পৰিষদৰ সদস্য আ: ৰেজ্জাকে বৰ্তমান এ আই ইউ ডি এফ দলৰ ভৱিষ্যতে গোৰ অন্ধকাৰ নামি অহা গোন্ধ পাই এৰাতিৰ ভিতৰতে দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰাৰ পাছত তেওঁৰ পত্নীয়ে কংগ্ৰেছ দলৰ টিকট লাভ কৰে৷ 

আনহাতে আঃ কুদ্দুচ আলীয়ে কংগ্ৰেছৰ চাপৰ পুঠিমাৰী জিলা পৰিষদৰ টিকট বিচাৰে যদিও কংগ্ৰেছ দলে তেওঁক প্ৰত্যাখ্যান কৰি মোটা অংকৰ বিনিময়ত অযোগ্য ব্যক্তিক চাপৰ পুঠিমাৰী জিলা পৰিষদৰ টিকট প্ৰদান কৰে।

কংগ্ৰেছ দলৰ এনে কাণ্ডক অতিষ্ঠ হৈ ৰাইজে আঃ কুদ্দুচক দল ত্যাগ কৰিবলৈ বাধ্য কৰায়। পাছত বাধ্য হৈ আঃ কুদ্দুচে কংগ্ৰেছ দল ত্যাগ কৰি এ আই ইউ ডি এফ দলত যোগদান কৰি এ আই ইউ ডি এফৰ টিকট লাভ কৰি পুঠিমাৰী জিলা পৰিষদ প্ৰাৰ্থীত্ব হিচাপে কালি নিৰ্বাচনী বিষয়াৰ মনোনয়ন পত্র দাখিল কৰে। ইফালে, নায়েৰ আলগা জিলা পৰিষদ সমষ্টিৰ অগপৰ মৰ্জিনা আকন্দ, কংগ্ৰেছৰ ফৰিদা ইয়াছমিন, এ আই ইউ ডি এফৰ ছাদেক আলী আহমেদ, নিৰ্দলীয় হিচাপে শেখ আবুল হাসেম, মোছলেম উদ্দিন মণ্ডল, ফজলুৰ ৰহমান আৰু পঞ্চায়ত সভাপতিৰ লগতে কাউন্সিলাৰ দলে নিৰ্দলীয় হিচাপে মনোনয়ন পত্র দাখিল কৰে।