
বিলাসীপাৰাঃ অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে অসমৰ দেশী মুছলমান জনগোষ্ঠীক মিঞাৰ লগত একাকাৰ কৰি কৰা মন্তব্যৰ প্ৰতিবাদত বিলাসীপাৰাত মঙ্গলবাৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ দেশী মুছলমান জনগোষ্ঠীৰ প্ৰতি পৰমানন্দৰ এই বিভ্ৰান্তিমুলক মন্তব্যৰ প্ৰতিবাদত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সমিতিয়ে সাহিত্য সভাৰ সভাপতি গৰাকীৰ প্ৰতিকৃতি দাহ কৰি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
পৰামানন্দ ৰাজবংশীয়ে দেশী মুছলমান সকলক মিঞাৰ সৈতে একাকাৰ কৰি ইতিহাসক বিকৃত কৰি যি মন্তব্য আগবঢ়ায় তাত বিক্ষুদ্ধ হৈ পৰে পৰিষদে। উল্লেখযোগ্য যে অসম মিঞা পৰিষদৰ ধুবুৰীত কালি অনুষ্ঠিত এখন সভাত অতিথি হিচাপে উপস্থিত থাকি দেশী মুছলমান জনগোষ্ঠীক মিঞাৰ লগত একাকাৰ কৰি এই মন্তব্য কৰিছিল সাহিত্য সভাৰ সভাপতি গৰাকীয়ে। প্ৰতিবাদকাৰী সকলে লগতে অসম মিঞা পৰিষদৰ সভাপতি এম জি হাজৰিকাক তথাকথিত নেতা আখ্যা দিয়ে আৰু তীব্ৰ ভাষাৰে সমালোচনা কৰে৷
বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম প্ৰতিবেদন।