
বিলাসীপাৰাঃ অসম চৰকাৰৰ ২০১৮-১৯ বৰ্ষৰ SOPD পথ নিৰ্মাণ আঁচনিৰ বিলাসীপাৰা বৰ্মনপাৰা ২ নং ৱাৰ্ডৰ বুধবাৰে ইংৰাজী ০২/০১/২০১৯ তাৰিখে আনুষ্ঠানিকভাৱে আধাৰ শিলা স্হাপন কৰা হয়।
বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী আৰু বিলাসীপাৰা নগৰ সমিতিৰ চেয়াৰমেন শ্ৰীযুত দীপ শৰ্মা দেৱৰ উপস্থিতিত অসম নগৰ উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ)পিয়ুষ হাজৰিকাদেৱে বিলাসীপাৰাৰ বৰ্মনপাৰা ২ নং ৱাৰ্ডৰ আধাৰ শিলা স্হাপন কৰে।
তদুপলক্ষে বিলাসীপাৰা পৌৰপতি দীপ শৰ্মা দেৱৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে অসম মন্ত্ৰী সভাৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী শ্ৰীযুত পিয়ুষ হাজৰিকা দেৱে উপস্থিত থাকি বিগত দিনৰ চৰকাৰৰ আমোলতকৈ বৰ্তমানৰ চৰকাৰে কাম বেছি কৰিছে বুলি সভাত উপস্থিত থকা ৰাইজক অৱগত কৰে।
আনহাতে, মন্ত্ৰী গৰাকীয়ে স্হানীয় বিধায়ক অশোক কুমাৰ সিংহীৰ কাম কাজত প্ৰশংসা কৰে। উক্ত সভাত বিজেপিৰ ধুবুৰী জিলা(পূৱ)সভাপতি সুধীৰ কুমাৰ চন্দ্ৰ ৰায়, প্ৰফুল্ল কলিতা আদি কৰি বহুতো গণ্য-মান্য ব্যক্তিৰ লগতে পাঁচ শতাধিক ৰাইজ উপস্থিত থাকে।